‘বিজেপিৰ বিৰুদ্ধে মিছা অপবাদ অনা ৰাহুলে ক্ষমা খোজক’

‘বিজেপিৰ বিৰুদ্ধে মিছা অপবাদ অনা ৰাহুলে ক্ষমা খোজক’

ডিজিটেল ডেস্কঃ ৰাফেল বিমান ক্ৰয় চুক্তি সন্দৰ্ভত কেন্দ্ৰীয় শাসিত বিজেপি চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত চলি থকা গোচৰৰ ক্লীনচীট লাভ কৰাৰ পিছতে শুকুৰবাৰে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহ। শুকুৰবাৰে অমিত শ্বাহে এক সংবাদ মেল সম্বোধন কৰি ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰে। কংগ্ৰেছে দেশৰ সুৰক্ষাত বাধাৰ সৃষ্টি কৰিব বিচাৰিছিল বুলি অভিযোগ কৰি শ্বাহে কয় যে কংগ্ৰেছে কেতিয়াও দেশৰ স্বাৰ্থৰ বিষয়ে চিন্তা নকৰে।

'মিছা অভিযোগৰ ৰাজনীতি কৰি মুখথেকেচা খালে কংগ্ৰেছে। জনতাক বিভ্ৰান্ত কৰাৰ ইমান ডাঙৰ ষড়যন্ত্ৰ আগতে কেতিয়াও হোৱা নাছিল। আৰু দুৰ্ভাগ্যৰ কথা যে এই অভিযোগ আনিছে দেশৰ আটাইতকৈ বৃহত্‍ বিৰোধী দল কংগ্ৰেছৰ সভাপতিয়ে।' -সংবাদ মেলত এনেদৰে ৰাহুল গান্ধীক তুলাধুনা দিয়ে অমিত শ্বাহে।

তেওঁ পুনৰ কয়- 'উচ্চতম ন্যায়ালয়ৰ ৰায়ত আজি সত্যৰ জয় হ'ল। বিমান ক্ৰয়ৰ প্ৰক্ৰিয়াত বাধা দি দেশৰ সুৰক্ষাকো বিপদত পেলোৱাৰ চেষ্টা চলাইছিল ৰাহুল গান্ধীয়ে।' ইফালে ৰাফেল বিমান ক্ৰয় সন্দৰ্ভত ৰাহুল গান্ধীয়ে কৰা মিছা অভিযোগৰ বাবে দেশবাসীৰ ওচৰত ক্ষমা খোজাৰো দাবী জনায় বিজেপিৰ অধ্যক্ষগৰাকীয়ে। লগতে ৰাহুল গান্ধীয়ে কি উৎসৰ ভিত্তিত এনে মিছা অভিযোগ উত্থাপন কৰিছিল বুলিও প্ৰশ্ন কৰে শ্বাহে।

উল্লেখ্য যে, ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত ৩খন হিন্দী বলয়ৰ ৰাজ্য ক্ৰমে ছত্তীশগড়, মধ্যপ্ৰদেশ আৰু ৰাজস্থানত কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে বৃহৎ সফলতা লাভ কৰাৰ পিছতে আগন্তক লোকসভা নিৰ্বাচনক লৈ দলটো শংকিত হৈ পৰিছে। আনহাতে ২০১৯ৰ লোকসভা নিৰ্বাচনত বিজেপিৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান হিচাপে থিয় হোৱা কংগ্ৰেছক নসাৎ কৰিবলৈ এতিয়া মোডী আৰু অমিত শ্বাহ উঠিপৰি লাগিছে। যাৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰৰ অমিত শ্বাহৰ সংবাদমেলৰ মূল বিষয় ৰাহুল গান্ধী আৰু কংগ্ৰেছ হোৱাটো অস্বাভাৱাৱিক নহয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in