অৰবিন্দ কেজৰিৱালক প্ৰত্যুত্তৰ! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টুইট কৰিলে ভিডিঅ’…

অৰবিন্দ কেজৰিৱালক প্ৰত্যুত্তৰ! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টুইট কৰিলে ভিডিঅ’…

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মাজত নিৰ্বাচন কেন্দ্ৰিক যুঁজ অব্যাহত আছে। শেহতীয়াকৈ অৰবিন্দ কেজৰিৱালে গৃহমন্ত্ৰীগৰাকীক আপ চৰকাৰৰ অন্তৰ্গত বিদ্যালয়সমূহৰ উন্নতি চাবলৈ আহ্বান জনাইছিল।

মুখ্যমন্ত্ৰী কেজৰিৱালে কৈছিল যে- 'দিল্লী চৰকাৰৰ অন্তৰ্গত বিদ্যালয়সমূহৰ পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ হাৰ ৯৬ শতাংশ। বিদ্যালয়সমূহৰ আন্তঃগাঁথনি পূৰ্বতকৈ অধিক উন্নত হৈছে। আপুনি নিজৰ চৰকাৰে কি কি কাম কৰিলে সেই সন্দৰ্ভত জনালে বেছি ভাল হ'লহেঁতেন।'

তাৰপাছতেই মঙলবাৰেপুৱা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে টুইটাৰযোগে শ্বেয়াৰ কৰিছে এটা ভিডিঅ'। ভিডিঅ'টোশ্বেয়াৰ কৰাৰ লগতে তেওঁ লিখিছে- 'অৰবিন্দ কেজৰিৱালজী, আপুনি মোক দিল্লী চৰকাৰৰঅন্তৰ্গত বিদ্যালয়সমূহ চাবলৈ আমন্ত্ৰণ জনাইছিল। যোৱা কালি দিল্লীৰ ৮জন বিজেপিসাংসদে পৃথক পৃথক বিদ্যালয়লৈ গৈছিল আৰু চাওঁক আপুনি বিদ্যালয়সমূহৰ অৱস্থা…। আপুনি'শিক্ষাৰ ক্ৰান্তি' যি দাবী কৰিছিল তাৰ প্ৰকৃত স্বৰূপ উদঙাই দিলে…।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in