যিমান প্ৰতিবাদ কৰিব বিচৰা কৰি থাকা, তথাপি নাগৰিকত্ব সংশোধনী আইন বাতিল নহয়ঃ সদম্ভ ঘোষণা অমিত শ্বাহৰ…

যিমান প্ৰতিবাদ কৰিব বিচৰা কৰি থাকা, তথাপি নাগৰিকত্ব সংশোধনী আইন বাতিল নহয়ঃ সদম্ভ ঘোষণা অমিত শ্বাহৰ…

ডিজিটেল ডেস্কঃ প্ৰতিবাদ যিমানেই নহওঁক, তথাপি 'কা' বাতিল নহয়। লক্ষ্ণৌত পুনৰ এবাৰ সদম্ভ ঘোষণা কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ক্ষমতাৰ ৰাজনীতিৰে জনতাৰ দাবীক অংগুষ্ঠ প্ৰদৰ্শন কৰি অহা কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে মঙলবাৰে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত 'কা' সমৰ্থনত আয়োজিত এখন জনসভা সম্বোধন কৰি 'কা' বাতিল নহয় বুলি স্পষ্ট কৰে।

তেওঁ কয় যে কংগ্ৰেছ, টিএমচি, মায়াৱতী, এছপি আৰু বাওঁপন্থীসকলে মিছাকৈয়ে কা-কা কৰি চিঞৰি আছে। বিৰোধীক প্ৰত্যাহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰীজনে কয়, 'মই প্ৰত্যাহ্বান জনাইছো যে এই আইনৰ কোনো অনুচ্ছেদত যদি কোনো লোকৰ নাগৰিকত্ব কঢ়ি লোৱাৰ বিষয়ে উল্লেখ আছে, তেন্তে সেয়া দেখুৱাই দিয়ক।'

অমিত শ্বাহে কয়, 'পাকিস্তানত সংখ্যালঘুৰ ওপৰত অত্যাচাৰ হৈছে। আফগানিস্তানত বুদ্ধৰ প্ৰতিমা ভাঙি পেলোৱা হৈছে। যেতিয়া দেশ বিভাজন হৈছিল তেতিয়া পূৰ্ব বংগ অৰ্থাৎ আজিৰ বাংলাদেশত ৩০ শতাংশ লোক হিন্দু আছিল। পাকিস্তানত সংখ্যালঘু আছিল ২৩ শতাংশ। কিন্তু আজি সেইসকল ক'লৈ গ'ল? হয়তো তেওঁলোকক মাৰি পেলোৱা হৈছে অথৱা বলপূৰ্বকভাৱে ধৰ্ম সলনি কৰিবলৈ বাধ্য কৰোৱা হৈছে। এইবোৰ চকুৰে নেদেখা আৰু কাণেৰে নুশুনা সকলে দেখা নাপায় আৰু শুনাও নাপায়।'

'মই মানৱাধিকাৰ কৰ্মীসকলক সুধিব বিচাৰো, যেতিয়া কাশ্মীৰত নিৰ্যাতিতসকলক খেদি পঠিওৱা হৈছিল, তেতিয়া তেওঁলোক ক'লৈ গৈছিল? যোৱা ৭০ বছৰে নিৰ্যাতনৰ বলি হৈ অহা এই লোকসকলক নৰেন্দ্ৰ মোডীয়ে জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰাৰ সুযোগ দিছে। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে যিসকলে প্ৰতিবাদ কৰিছে কৰি থাকক, কিন্তু মই লক্ষ্ণৌৰ এই ভূমিৰ পৰা ক'ব বিচাৰিছো কোনো কাৰণতেই এই আইন বাতিল কৰা নহয়।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in