বিজেপিৰ নিৰ্বাচনী ইছ্যু জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ বিলুপ্তি! ঝাৰখণ্ডত অমিত শ্বাহে বজালে ৰণশিঙা…

বিজেপিৰ নিৰ্বাচনী ইছ্যু জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ বিলুপ্তি! ঝাৰখণ্ডত অমিত শ্বাহে বজালে ৰণশিঙা…

ডিজিটেল ডেস্কঃ আগন্তুক কেইটামান দিনৰ ভিতৰতে দেশৰ ৩ ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। বিধানসভা নিৰ্বাচনক লৈ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে ৰাজনৈতিক দলসমূহে। বিজেপিয়ে এইবাৰ বিকাশ আৰু উন্নয়নৰ উপৰিও জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ আৰু ৩৫ (এ) বিলুপ্তিক নিৰ্বাচনী ইছ্যু হিচাপে ব্যৱহাৰ কৰি কাষ চাপিব জনতাৰ।

তাৰেই প্ৰমাণ দেখা পোৱা গ'ল ঝাৰখণ্ডৰ জামতড়াত কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে প্ৰদান কৰা ভাষণত। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ৰঘুবৰ দাসৰ 'জন আশীৰ্বাদ যাত্ৰা'ৰ শুভাৰম্ভ কৰি প্ৰদান কৰা ভাষণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, 'এইবাৰ নিৰ্বাচনত প্ৰমাণ হ'ব জনতাই কাৰ সৈতে থাকিব বিচাৰে। অনুচ্ছেদ ৩৭০ৰ পক্ষত থকা সকলৰ সৈতে নে যিয়ে ৩৭০ ধাৰাৰ বিলুপ্তি ঘটাই পাকিস্তানক উচিত শিক্ষা দিবলৈ সক্ষম হৈছে, তাৰ সৈতে থাকিব বিচাৰে সেয়া এইবাৰ নিৰ্বাচনত জনতাই প্ৰমাণ কৰি দেখুৱাব।'

ভাষণত অমিত শ্বাহে কয় যে কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ৰ বিলুপ্তি ঘটোৱাৰ পিছত বিশ্বৰ মজিয়ালৈ এটা বাৰ্তা গৈছে যে জম্মু-কাশ্মীৰ ভাৰতৰ অভিন্ন অংগ। অমিত শ্বাহে কংগ্ৰেছ আৰু জে এম এমক আক্ৰমণ কৰি সদনৰ মজিয়াত ধাৰা ৩৭০ৰ বিলুপ্তি ঘটোৱাৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰা সকলে পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন জনোৱা বুলি মন্তব্য কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in