‘কাৰ্যকৰী হ’বই নাগৰিকত্ব সংশোধনী বিধেয়ক’

‘কাৰ্যকৰী হ’বই নাগৰিকত্ব সংশোধনী বিধেয়ক’

ডিজিটেল ডেস্কঃ অসম আৰু অসমীয়াৰ প্ৰতিবাদক শাসনাধিষ্ঠিত বিজেপিয়ে কোনো গুৰুত্ব প্ৰদান নকৰে। চুবুৰীয়া ৰাজ্য পশ্চিমবংগত অনুষ্ঠিত দলটোৰ এখন সভাৰ পিছত এয়া পুনৰ স্পষ্ট হৈ পৰিছে। সমাগত বিধানসভা নিৰ্বাচনত ৰাজ্যখনৰ পৰা মমতা বেনাৰ্জীক গাদীচ্যুত কৰাৰ লক্ষ্যৰে আয়োজন কৰা সভাখনত দলটোৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে এন আৰ চিৰ প্ৰসংগ উত্থাপন কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক কাৰ্যকৰী কৰা হ'বই বুলি কৰা মন্তব্যক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

সভাখনত ভাগ লৈ শ্বাহে কয় যে মমতা বেনাৰ্জী আৰু তেওঁৰ দল তৃণমূল কংগ্ৰেছে অসমৰ এন আৰ চিক লৈ যি বিভ্ৰান্তি বিয়পাবলৈ চেষ্টা চলাইছে সেয়া অত্যন্ত দুৰ্ভাগ্যজনক। মমতা বাহিনীয়ে বিভ্ৰান্তি বিয়পোৱাৰ দৰেকৈ শৰণাৰ্থীসকলক দেশৰ পৰা বাহিৰ কৰি দিয়া নহয়, প্ৰয়োজনত নাগৰিকত্ব সংশোধনী বিধেয়ক কাৰ্যকৰী কৰা হ'ব বুলিহে তেওঁ স্পষ্ট কৰি দিয়ে।

'এন আৰ চিৰ জৰিয়তে শৰণাৰ্থীসকলক খেদি পঠিওৱা হ'ব বুলি তৃণমূলে বিভ্ৰান্তি বিয়পোৱাত ব্যস্ত হৈ পৰিছে। আমি শৰণাৰ্থীসকলক নাগৰিকত্ব প্ৰদান কৰিবলৈ বদ্ধ পৰিকৰ। কোনো শৰণাৰ্থীকে উভতাই পঠিওৱা নহয়।'- শ্বাহে কয়।

উল্লেখ্য যে ৩০ জুলাইত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পিছতে দিল্লীত মমতাই বিজেপিয়ে দেশত গৃহযুদ্ধৰ সূত্ৰপাত কৰিব বিচাৰিছে বুলি অভিযোগ কৰিছিল।'বিজেপিয়ে স্পষ্ট কৰি দিব লাগিব। তেওঁলোকে কি বিচাৰে? গৃহযুদ্ধ নে শান্তি?'-এইদৰে বিজেপিক আক্ৰমণ কৰিছিল মমতাই।

শনিবাৰে মমতাৰ ৰাজ্যত আহি তৃণমূল কংগ্ৰেছে জেহাদীক সমৰ্থন কৰে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি শ্বাহে প্ৰশ্ন কৰে, 'আগতে মমতাই স্পষ্ট কৰক যে দেশ প্ৰথম নে ভোটবেংক?' অসমৰ পৰা বাংলাদেশী অনুপ্ৰৱেশকাৰীক চিহ্নিত কৰি দেশৰ পৰা বাহিৰ কৰি দিবৰ বাবেহে যে এন আৰ চি প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে সেয়া মমতাই ভালদৰে জানি ল'ব লাগে বুলিও মন্তব্য কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে।

কলকাতাত বিজেপি যুৱ মৰ্চাৰ স্বাভিমান সভাখনত এন আৰ চি প্ৰসংগ উত্থাপনৰে এনেদৰে মমতাক আক্ৰমণ কৰাৰ লগতে সমাগত বিধানসভা নিৰ্বাচনত মমতাৰ দল তৃণমূলক সম্পূৰ্ণৰূপে উৎখাত কৰাৰো হুংকাৰ দিয়ে অমিত শ্বাহে।

ইফালে, সমগ্ৰ অসমতে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বিৰোধিতা চলি থকাৰ বিষয়ে অৱগত হৈয়ো চুবুৰীয়া ৰাজ্যখনত অনুষ্ঠিত সভাত নাগৰিকত্ব সংশোধনী বিধেয়ক কাৰ্যকৰী কৰা হ'বই বুলি বিজেপিৰ সৰ্বেসৰ্বা নেতাগৰাকীয়ে কৰা মন্তব্যক সহজভাৱে ল'ব পৰা নাই অসমৰ দল-সংগঠনসমূহে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in