নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ পাক প্ৰধানমন্ত্ৰী আৰু কংগ্ৰেছৰ মন্তব্য একেইঃ ৰাজ্যসভাত অমিত শ্বাহ

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ পাক প্ৰধানমন্ত্ৰী আৰু কংগ্ৰেছৰ মন্তব্য একেইঃ ৰাজ্যসভাত অমিত শ্বাহ

ডিজিটেল ডেস্কঃ 'নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ পাকিস্তান আৰু কংগ্ৰেছৰ মন্তব্য একেই।' -ৰাজ্যসভাত কংগ্ৰেছক কটাক্ষ কৰি এইদৰে মন্তব্য কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। বুধবাৰে ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন হোৱাৰ পিছত বিধেয়কক লৈ বিৰোধীৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ কংগ্ৰেছক আক্ৰমণ কৰে অমিত শ্বাহে।

অমিত শ্বাহে কয়, 'পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে কালি নাগৰিকত্ব বিধেয়কক লৈ যি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল আৰু আজি ৰাজ্যসভাত কংগ্ৰেছ নেতাসকলে যি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, সেয়া সম্পূৰ্ণ একে।' আনহাতে কংগ্ৰেছৰ বাবেই আজি নাগৰিকত্ব সংশোধনী বিধেয়ক আনিব লগা হৈছে বুলি দাবী কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, 'যদি কংগ্ৰেছে ভাৰত ৰাষ্ট্ৰক ভাগ ভাগ নকৰিলেহেঁতেন তেন্তে আজি এই বিধেয়ক অনাৰ প্ৰয়োজনেই নহ'লহেঁতেন।'

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কংগ্ৰেছে ভুৱা প্ৰচাৰ চলাইছে বুলিও অভিযোগ কৰে অমিত শ্বাহে। এই বিধেয়ক মুছলমানবিৰোধী নহয় বুলি দাবী কৰি নাগৰিকত্ব সংশোধনী বিধেয়কক ৰাজনৈতিক দৃষ্টিৰে নাচাবলৈও আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰীজনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in