দিদি যেতিয়ালৈকে থকিব, মেলেৰীয়া আৰু ডেংগু তেতিয়ালৈকে থাকিব : অমিত শ্বাহ

দিদি যেতিয়ালৈকে থকিব, মেলেৰীয়া আৰু ডেংগু তেতিয়ালৈকে থাকিব : অমিত শ্বাহ

ডিজিটেল ডেস্ক : সমাগত বিধানসভা নিৰ্বাচনৰ বাবে গৰম হৈ উঠিছে পশ্চিমবংগৰ ৰাজনীতি। বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ চলাই । শ্বাহে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক কটাক্ষ কৰে । দিদি যেতিয়ালৈকে থাকিব তেতিয়ালৈ মেলেৰীয়া আৰু ডেংগু নহোৱা নহয় । মেলেৰিয়া আৰু ডেংগুৰ দিদিৰ সৈতে মিত্ৰতা আছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে কটাক্ষ কৰে পশ্চিম বংগৰ মুখমন্ত্ৰী গৰাকীক ।

দিদিক আতৰাই বিজেপি চৰকাৰ আহিলে ২ বছৰতে মেলেৰিয়া ডেংগু প্ৰতিৰোধ কৰিম । শ্বাহে কয় – প্ৰধানমন্ত্ৰী মোডীয়ে জনসাধৰণৰ কল্যাণৰ বাবে কাম কৰি আছে, আনহাতে দিদিয়ে তেওঁৰ ভতিজাৰ বাবে কাম কৰি আছে। আপোনালোকে কোনটো বিচাৰে ? কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে লগতে কয় যে- আমাক ভোট দিয়ক, মই আপোনাক আশ্বাস দিছো যে দিদিয়ে আপোনাৰ ক্ষতি কৰিব নোৱাৰিব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in