ঝাৰখণ্ডৰ উন্নয়নক লৈ ৰাহুল গান্ধীয়ে মোৰ সৈতে যুক্তিযুদ্ধত নামকঃ অমিত শ্বাহ

ঝাৰখণ্ডৰ উন্নয়নক লৈ ৰাহুল গান্ধীয়ে মোৰ সৈতে যুক্তিযুদ্ধত নামকঃ অমিত শ্বাহ

ডিজিটেল ডেস্কঃ বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে ঝাৰখণ্ডত এখন নিৰ্বাচনী সভাত অংশ লৈ কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয়। অমিত শ্বাহে সভাত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক ঝাৰখণ্ডৰ উন্নয়নৰ ওপৰত যুক্তিযুদ্ধত নামিবলৈও প্ৰত্যাহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ চক্ৰধৰপুৰত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ কয়, 'আজি ৰাহুল বাবাও ঝাৰখণ্ডত আছে, ময়ো ঝাৰখণ্ডত আছো। মই তেওঁক প্ৰত্যাহ্বান জনাব বিচাৰো যে তেওঁ কংগ্ৰেছৰ ৫৫ বছৰীয়া শাসন আৰু বিজেপিৰ যোৱা ৫ বছৰীয়া শাসনৰ কাম কাজৰ ওপৰত মোৰ সৈতে যুক্তিযুদ্ধত নামক।'

ঝাৰখণ্ডৰ ৰঘুবৰ দাস নেতৃত্বাধীন বিজেপি শাসনত দুৰ্নীতি বহু পৰিমাণে প্ৰতিৰোধ হোৱা বুলি দাবী কৰি অমিত শ্বাহে কয় যে যোৱা ৫ বছৰত ৰঘুবৰ দাসৰ ওপৰত কোনো কেলেংকাৰী আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱা নাই। বিজেপিয়ে ঝাৰখণ্ডত দ্ৰুত উন্নয়ন আনিবলৈ সক্ষম হোৱা বুলিও মন্তব্য কৰে শ্বাহে। উল্লেখ্য যে, সোমবাৰে অমিত শ্বাহৰ লগতে ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰ চলাইছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও।

নিৰ্বাচনী প্ৰচাৰ সভাখনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নাম উল্লেখ নকৰিলেও বিজেপিৰ জ্যেষ্ঠ নেতা তথা বৰ্তমান ঝাৰখণ্ড পূব সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী সৰযূ নাথে মুখ্যমন্ত্ৰী ৰঘুবৰ দাসৰ বিৰুদ্ধে উত্থাপিত অভিযোগ মিছা বুলি দাবী কৰে। নিৰ্বাচনী সভাত অযোধ্যাৰ ৰাম মন্দিৰৰ বিষয় উল্লেখ কৰি অতি শীঘ্ৰেই অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ হ'ব বুলিও অনাৱশ্যকভাৱে মন্তব্য কৰে অমিত শ্বাহে।

উল্লেখ্য যে, বিজেপিৰ বিসম্বাদী নেতা সৰযু নাথে মুখ্যমন্ত্ৰী ৰঘুবৰ দাসৰ বিৰুদ্ধে দুৰ্নীতি আৰু কেলেংকাৰীৰ অভিযোগ তুলি কৈছিল যে ৰঘুবৰ দাস আচলতে ৰঘুবৰ দাগ হোৱাহে উচিত আছিল। তেওঁৰ গাত যি দুৰ্নীতি আৰু কেলেংকাৰীৰ দাগ লাগি আছে সেয়া অমিত শ্বাহৰ 'ডিটাৰ্জেন্ট পাউডাৰ' আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 'ৱাছিং মেছিন'-ৰেও চাফা কৰিব নোৱাৰি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in