যদি আপুনি সীমাৰ সুৰক্ষা, ৫ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতি আৰু মোডীক সমৰ্থন কৰে তেন্তে বিজেপিক ভোট দিয়কঃ অমিত শ্বাহ

যদি আপুনি সীমাৰ সুৰক্ষা, ৫ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতি আৰু মোডীক সমৰ্থন কৰে তেন্তে বিজেপিক ভোট দিয়কঃ অমিত শ্বাহ

ডিজিটেল ডেস্কঃ দিল্লীৰ বিধানসভা নিৰ্বাচনক লৈ সাজু হৈছে ৰাজনৈতিক দলসমূহ। এফালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে যদি কামৰ ওপৰত ভোট বিচাৰি নিৰ্বাচনী প্ৰচাৰ চলাইছে, আনফালে বিজেপিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সন্মুখত ৰাখি ৰাষ্ট্ৰীয় বিষয়সমূহক লৈ নিৰ্বাচনী ৰণত অৱতীৰ্ণ হোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ বাবে এইবাৰ দিল্লী বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মূল ইছ্যু হৈ পৰা পৰিলক্ষিত হৈছে জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ বিলুপ্তি, ৫ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতি আৰু সীমান্তৰ সুৰক্ষা। অন্যহাতে আম আদমী পাৰ্টীয়ে বিগত ৫ বছৰত দিল্লীৰ মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা, বিনামূলীয়া বিজুলী আৰু পানী যোগান, শিক্ষা আৰু চিকিৎসা আদি ক্ষেত্ৰ সমূহৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিৰ ওপৰত ভিত্তি কৰি দিল্লীবাসীৰ পৰা ভোট বিচৰা পৰিলক্ষিত হৈছে।

দিল্লীৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত শনিবাৰে বিজেপিয়ে আৰম্ভ কৰে 'জয়ৰ প্ৰতিধ্বনি' (জিত কী গুঞ্জ) নামৰ কেম্পেইনৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই কেম্পেইনৰ শুভাৰম্ভ কৰি ২০২০ত দিল্লীত বিজেপিয়ে সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব বুলি দাবী কৰে। তেওঁ কয়, 'আজি বিজেপিত ২৫ হাজাৰৰো অধিক ৰেজিষ্ট্ৰেছন হৈছে। এই আমাৰ বিৰোধী আৰু শত্ৰুৰ মুখ ক'লা পৰিব।' তেওঁ পুনৰ কয়, 'যদি আপুনি সীমাক সুৰক্ষিত কৰা কাৰ্যক সমৰ্থন কৰে, যদি আপুনি আপুনি ৫ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ সমৰ্থন কৰে, যদি আপুনি বিশ্বৰ আটাইতকৈ লোকপ্ৰিয় নেতা নৰেন্দ্ৰ মোডীক সমৰ্থন কৰে, তেন্তে আপুনি এইবাৰ বিজেপিক জয়যুক্ত কৰাওক।'

অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টী চৰকাৰক তীক্ষ্ণ সমালোচনা কৰি অমিত শ্বাহে কয়, 'ইয়াত এখন মিথ্যাচাৰৰ চৰকাৰ চলি আছে। দিল্লীৰ বিকাশৰ নামত, 'কা'ৰ নামত যুৱ প্ৰজন্মক প্ৰৰোচিত কৰাৰ বাবে মিথ্যাচাৰৰ আশ্ৰয় লৈছে চৰকাৰে। সমগ্ৰ মিডিয়াই কেজৰিৱালক জয়ী কৰাবলৈ উঠি পৰি লাগিছে। কিন্তু দিল্লীৰ জনতা আমাৰ সৈতে আছে। যদি বিশ্বাস কৰা নাই, তেন্তে ভোট গণনাৰ দিনা তাৰ প্ৰমাণ পাব। জয় আমাৰেই হ'ব।'

অমিত শ্বাহে কয়, 'কেজৰিৱালক জয়ী কৰাবৰ বাবে মিডিয়া, এনজিঅ' আৰু জেএনইউ নামি পৰিছে। কিন্তু আম আদমী পাৰ্টী বনাৰসত হাৰিল, হাৰিয়ানাত হাৰিল, পঞ্জাৱত হাৰিল, এমচিডিত হাৰিল। আনকি লোকসভা নিৰ্বাচনত অস্তিত্বই নোহোৱা হ'ল আম আদমী পাৰ্টীৰ। কেজৰিৱালে দিল্লীবাসীক বিপথে পৰিচালিত কৰিছে। মই কিবা ক'লেই সেয়া টুইট কৰি সমালোচনা কৰে। কেজৰিৱালে দিল্লীবাসীৰ নামতকৈ মোৰ নামহে বেছিকৈ ল'বলৈ আৰম্ভ কৰিছে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in