অমিত শ্বাহৰ আগমনৰ প্ৰাকমুহূৰ্তত হাজাৰ হাজাৰ বন্তিৰ পোহৰত উজ্বলি উঠিল বটদ্ৰৱা…

অমিত শ্বাহৰ আগমনৰ প্ৰাকমুহূৰ্তত হাজাৰ হাজাৰ বন্তিৰ পোহৰত উজ্বলি উঠিল বটদ্ৰৱা…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বৃহস্পতিবাৰলৈ বহু প্ৰত্যাশিত বটদ্ৰৱা সৌন্দৰ্য বৰ্ধন আৰু উন্নয়ণ প্ৰকল্পৰ শুভাৰম্ভণি কৰিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে। অমিত শ্বাহৰ আগমনৰ প্ৰাকমুহূৰ্তত বুধবাৰে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাৰ লগতে বটদ্ৰৱা থানৰ ভকত বৈষ্ণব, সত্ৰবাসী ৰাইজে হেজাৰ হেজাৰ মিঠা তেলৰ চাকি জ্বলাই আলোকময় কৰি তোলে সমগ্ৰ বটদ্ৰৱা থান।

গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমনক কেন্দ্ৰ কৰি সমগ্ৰ বটদ্ৰৱা থানত উখল মাখল পৰিৱেশ সৃষ্টি হৈছে। শ্ৰীমন্ত শংকৰ গুৰুজনাৰ স্মৃতি বিজড়িত বটদ্ৰৱা থান খনিক বিশ্বৰ ধৰ্মীয় আৰু আধ্যাত্মিক গৱেষণাৰ ক্ষেত্ৰ হিচাপে গঢ়াৰ সংকল্পৰে ২০১৬ চনৰ ছেপ্তেম্বৰ মাহত বেদখল মুক্ত হোৱা আকাশী গংগাৰ তীৰৰ ১৬০ বিঘা ভূমিত ১৮৮ কোটি টকা ব্যয়সাপেক্ষ নিৰ্মাণ হ'বলগীয়া বৃহৎ "বটদ্ৰৱা প্ৰকল্প"ৰ নিৰ্মাণ কাৰ্য্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাইলৈ সত্ৰ কৃষ্টিৰ ঐতিহ্য আৰু পৰম্পৰাৰ আধাৰত 'মঙ্গল সাধনা' কাৰ্য্যসূচীৰে শুভাৰম্ভ কৰিব।

পুৱা ১১ বজাত বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰত হেলিকপ্টাৰেৰে অৱতৰণ কৰি পোনে পোনে বটদ্ৰৱা থান চৌহদত প্ৰৱেশ কৰিব। পাছত বটদ্ৰৱা থানৰ ঐতিহ্যমণ্ডিত কীৰ্তন ঘৰত সেৱা লৈ ভকত বৈষ্ণৱৰ সেৱা ল'ব। বটদ্ৰৱা থানৰ পৰা উলাই গৈ আকাশী গংগা তীৰৰ বেদখলমুক্ত ভূমিত সত্ৰ কৃষ্টিৰ পৰম্পৰাৰে বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভণি কৰি ডেৰ লক্ষাধিক লোকক সম্বোধন কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in