এইমছৰ পৰা ঘৰলৈ উভতিল অমিত শ্বাহ…

এইমছৰ পৰা ঘৰলৈ উভতিল অমিত শ্বাহ…

ডিজিটেল ডেস্কঃ কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিল। এইমছত শেহতীয়াকৈ চিকিৎসাধীন হৈ থকা গৃহ মন্ত্ৰী গৰাকী স্বাস্থ্য উন্নত হৈছে যদিও, দুৰ্বলতাৰ বাবে ঘৰতে সোমাই আছে অমিত শ্বাহ।

বিজেপিৰ এক শীৰ্ষ সূত্ৰৰ মতে, কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কোনো লোকক সাক্ষাৎ কৰা নাই আৰু চলিত সংসদৰ অধিবেশনলৈও যোৱা নাই। শাৰীৰিকভাৱে দুৰ্বল হৈ পৰা অমিত শ্বাহৰ স্বাস্থ্য সন্দৰ্ভত চিকিৎসকে যথেষ্ট দৃষ্টি ৰাখিছে।

ইফালে, অমিত শ্বাহক এনেদৰে হঠাৎ নিষ্ক্ৰিয় হৈ পৰাত সেয়াও দলৰ এক ৰণনীতি বুলিয়েই ক'ব খোজে কোনো কোনোৱে। এইখিনিতে মন কৰিব লগা যে, অসমত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব বুলি এচামে প্ৰচাৰ চলাইছিল যদিও, মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী যে সৰ্বানন্দ সোণোৱালে ২০২১তো হ'ব সেই কথা খোদ ৰাম মাধৱে ঘোষণা কৰিলে।

অমিত শ্বাহৰ ঘনিষ্ঠ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰাম মাধৱৰো আছে ঘনিষ্ঠতা। তেনে পৰিপ্ৰেক্ষিতত ৰাম মাধৱৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী ৰূপে কৌশলেৰে প্ৰক্ষেপ কৰি থকা সকলৰ মুখত চূণ দি ৰাম মাধৱৰ জৰিয়তে কৰা এই ঘোষণায়ো বিশেষ তাৎপৰ্য বহন কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in