শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

উত্তৰ-পূবত সন্ত্ৰাসবাদৰ সমস্যা সমাধানৰ বাবে কংগ্ৰেছে কেতিয়া কাম কৰা নাছিলঃ গৃহমন্ত্ৰী অমিত শ্বাহ…

269

ডিজিটেল ডেস্কঃ দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে নেডাৰ বৈঠকত অংশ লয়। নেডাৰ এই বৈঠকত গৃহমন্ত্ৰী গৰাকীয়ে কয় যে- ‘উত্তৰ-পূবত যিমান সন্ত্ৰাসবাদ বিয়পিছিল, তাক কেতিয়াও সমাধান কৰিবলৈ চেষ্টা নকৰিলে কংগ্ৰেছে। তাৰ বিপৰীতে এই সমস্যা আৰু বৃদ্ধি কৰাৰ বাবেহে কাম কৰিছিল যাতে তেওঁলোকেই ইয়াত শাসনত থাকিব পাৰে।’

গৃহমন্ত্ৰী শ্বাহে লগতে কয়- নগালেণ্ড ভাৰতৰ অংশ। নগালেণ্ডৰ প্ৰতিজন নাগৰিকৰ সমগ্ৰ ভাৰতৰ সম্পূৰ্ণ অধিকাৰ আছে। আটাইকেইখন ৰাজ্যই ভাৰতৰ অভিন্ন অংগ। এই ভাৱমূৰ্তি প্ৰতিজন মানুহৰ মাজত গঢ়িবলৈ উত্তৰ-পূবত কংগ্ৰেছৰ শাসন আঁতৰোৱাৰ বহুতেই প্ৰয়োজন আছিল।

‘মই বহুত সুখী যে, মোৰ নেতৃত্বত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অন্য নেতাসকলে মিলি নেডাৰ যি বীজ ৰোপন কৰিছিলো, সেয়া এক বৃহৎ বৃক্ষৰ ৰূপ লৈ এতিয়া সমগ্ৰ উত্তৰ-পূবক ছাঁ দিছে।’- এনেদৰে মন্তব্য কৰে গৃহমন্ত্ৰী অমিত শ্বাহে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি