মমতা বেনাৰ্জীৰ ৰেলীত অংশ লোৱা বিৰোধীৰ ৯ জনেই প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ

মমতা বেনাৰ্জীৰ ৰেলীত অংশ লোৱা বিৰোধীৰ ৯ জনেই প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ

ডিজিটেল ডেস্কঃ পশ্চিম বংগত মমতা বেনাৰ্জীৰ বৃহৎ ৰেলীৰ তিনিদিন পিছতে ৰাজ্যখনত বিজেপিয়ে নিৰ্বাচনী অভিযান আৰম্ভ কৰিছে৷ মঙলবাৰে বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে মালদাহত এখন জনসভা সম্বোধন কৰে৷

বিশাল জনসভাত জনতাক সম্বোধি অমিত শ্বাহে কয় যে আগন্তক লোকসভা নিৰ্বাচনৰ ফলাফলে প্ৰকাশ কৰিব যে পশ্চিম বংগত হত্যাকাণ্ড কৰি অহা, দুৰ্নীতিৰ সৈতে আপোচ কৰা আৰু গণতন্ত্ৰক অৱমাননা কৰা তৃণমূল কংগ্ৰেছৰ চৰকাৰ থাকিব নে নাই৷ তদুপৰি জনসভাত অমিত শ্বাহে বিৰোধীৰ মহাজোঁটবন্ধনক আক্ৰমণ কৰি দাবী কৰে যে পশ্চিম বংগত মমতা বেনাৰ্জীৰ ৰেলীত অংশ লোৱা বিৰোধীৰ ২৩ গৰাকী নেতাৰ ভিতৰত ৯ জনেই আগন্তুক লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ৷

আনহাতে পশ্চিম বংগত বিজেপিৰ ৰথ যাত্ৰাত বাধা প্ৰদান কৰিয়েই ৰাজ্যখনৰ জনতাৰ মাজত বৃদ্ধি পোৱা বিজেপিৰ প্ৰভাৱ মমতা বেনাৰ্জীয়ে নোহোৱা কৰিব নোৱাৰে বুলিও মন্তব্য কৰে অমিত শ্বাহে৷ ২০১৯ত বংগৰ জনতাই নৰেন্দ্ৰ মোডীক পুনৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কমিউনিষ্ট শাসনত বিতুষ্ট হৈ এসময়ত জনতাই তৃণমূল কংগ্ৰেছক ভোট দিছিল৷ কিন্তু এতিয়াৰ পৰিস্থিতি দেখি তেওঁলোকে চিন্তা কৰিছে যে তৃণমূলৰ শাসনতকৈ কমিউনিষ্ট সকলেই ভাল আছিল৷

বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে পুনৰ কয়, 'এসময়ত পশ্চিম বংগৰ বুকুত সংগীত-সুৰৰ গুঞ্জন উঠিছিল৷ কিন্তু আজি সেই একেখন ৰাজ্যৰ আকাশত বাৰুদৰ ধোৱা উৰে৷ মমতা দিদি.. আপুনি আমাক ৰথা যাত্ৰা উলিয়াবলৈ নিদিলে, আমি ৰেলী বাহিৰ কৰিম৷ আৰু যদি আমাক ৰেলী উলিয়াওৱাত বাধা প্ৰদান কৰে তেন্তে আমি খোজ কাঢ়ি হ'লেও জনতাৰ দুৱাৰ দলিত উপস্থিত হ'ম৷ আপোনাৰ শাসন অন্ত পৰিবলৈ বেছি দিন নাই৷ কিয়নো আপোনাৰ ৰাজ্যৰ জনতাই বুজি উঠিছে যে এতিয়া পদুম ফুলাৰ সময়৷'

উল্লেখ্য যে, পশ্চিম বংগৰ মালদাহত অনুষ্ঠিত বিজেপিৰ জনসভাত উপস্থিত হ'বৰ বাবে অমিত শ্বাহৰ হেলিকপ্টাৰ বিমান বন্দৰত অৱতৰণৰ অনুমতি প্ৰদান কৰা হোৱা নাছিল৷ বিমান বন্দৰৰ মেৰামতিৰ দোহাই দি অমিত শ্বাহৰ হেলিকপ্টাৰ অৱতৰণৰ অনুমতি দিয়া হোৱা নাছিল যদিও প্ৰকৃততে বিগত কিছু দিন ধৰি বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকী ছোৱাইন ফ্লু' নামৰ সচৰা ৰোগত আক্ৰান্ত হৈ থকা্ বাবেই তেওঁৰ হেলিকপ্টাৰ অৱতৰণ কৰিবলৈ দিয়া নাছিল পশ্চিম বংগ প্ৰশাসনে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in