পুনৰ কমনৱেলথ গেমছলৈ অসম সন্তানঃ বাৰ্মিংহামত জিলিকিব পাৰে শিৱ…

পুনৰ কমনৱেলথ গেমছলৈ অসম সন্তানঃ বাৰ্মিংহামত জিলিকিব পাৰে শিৱ…

ডিজিটেল ডেস্কঃ ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে আহিছে আন এক ভাল খবৰ। পুনৰবাৰ কমনৱেল্থ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ আহিছে অসম সন্মান শিৱ থাপালৈ। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ট্ৰায়েলত শিৱই জুলাইত অনুষ্ঠিত হ'বলগীয়া কমনৱেল্থ গেমছৰ বাবে যোগ্যতা অৰ্জন কৰি ভাৰতীয় পুৰুষ দলত স্থান লাভ কৰিছে।

প্ৰতিযোগিতাখনলৈ যোগ্যতা অৰ্জন কৰা অলিম্পিয়ান শিৱ থাপাই সফলতা লাভ কৰি দেশলৈ পুনৰবাৰ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা কৰিছে বক্সিং ফেডাৰেচন অফ ইণ্ডিয়াৰ সচিব হেমন্ত কুমাৰ কলিতাকে ধৰি ফেডাৰেচনৰ বিষয়ববীয়া তথা তেওঁৰ প্ৰশিক্ষিক আৰু অনুৰাগীসকলে। শিৱই প্ৰতিযোগিতাখনত ৬৩.৫ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দিতা আগবঢ়াব। ইয়াৰ পূৰ্বে শিৱই ২০১৪ চনৰ গ্লাচগ' কমনৱেল্থ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ট্ৰায়েলত ২০১৫ চনৰ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক বিজয়ী শিৱই ২০১৮ ৰ কমনৱেল্থ গেমছৰ ৰূপৰ পদক বিজয়ী মনীষ কৌশিকক৫-০ ব্যৱধানত পৰাস্ত কৰি এই যোগ্যতা অৰ্জন কৰিছে। আনহাতে শিৱৰ উপৰিও অন্যান্য কেইবাটাও শাখাত আন বহু কেইগৰাকী ভাৰতীয় বক্সাৰে যোগ্যতা অৰ্জন কৰিছে।

তেওঁলোকৰ ভিতৰত আছে মহম্মদ হাছামুদ্দিন, ৰোহিত টোকাছ, সুমিত পংঘাল, অমিত পংঘাল, আশীষ কুমাৰ, সঞ্জিত আৰু সাগৰ। আগন্তুক ২৮ জুলাই পৰা আগষ্টৰ ৮ তাৰিখলৈ অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাৰ বাবে ভাৰতীয় পুৰুষ দলটোৰ নিৰ্বাচিত কৰা হৈছে যদিও বৰ্তমানেও মহিলাৰ দলটো নিৰ্বাচিত কৰা হোৱা নাই। জানিব পৰা মতে অহা সপ্তাহত মহিলাৰ দলটো নিৰ্বাচিত কৰা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in