অগপ-বিজেপিক তীব্ৰ সমালোচনাৰে আমিনুল ইছলামৰ নিৰ্বাচনী সভা

অগপ-বিজেপিক তীব্ৰ সমালোচনাৰে আমিনুল ইছলামৰ নিৰ্বাচনী সভা

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপিবলৈ ধৰিছে সিমানেই গৰম হৈ উঠিছে নিৰ্বাচনী বতাহ। মানকাচৰ সমষ্টিত এতিয়া নিৰ্বাচনী প্ৰচাৰ তুংগত উঠা পৰিলক্ষিত হৈছে। মানকাচৰ সমষ্টিত মুঠ ৮ গৰাকী প্ৰাৰ্থীয়ে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে যদিও অগপ-বিজেপিৰ মিত্ৰজোঁটৰ সমৰ্থিত তথা অগপৰ মনোনীত প্ৰাৰ্থী জাবেদ ইছলাম আৰু কংগ্ৰেছ-এআইইউডিএফৰ মহাজোটবন্ধৰ সমৰ্থিত তথা এআইইউডিএফৰ মনোনীত প্ৰাৰ্থী আমিনুল ইছলামৰ মাজতেই মূল প্ৰতিদন্দিতা হ'ব বুলি এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে ।

বিশেষকৈ কংগ্ৰেছী বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডলক মহাজোটবন্ধনে কংগ্ৰেছৰ পৰা টিকট নিদিয়াত তেওঁ এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰিবলৈ সিদ্ধান্ত লোৱাৰ লগতে আমিনুল ইছলামক কংগ্ৰেছী সকলে সমৰ্থন আগবঢ়াই মহাজোটৰ সমৰ্থিত প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ আৰম্ভ কৰাত আমিনুল ইছলাম মানকাচৰ সমষ্টিৰ পৰা জয়ী হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

এনে পৰিস্থিতিৰ মাজত অগপৰ প্ৰাৰ্থী জাবেদ ইছলামৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ জৰিয়তে আমিনুল ইছলামক মানকাচৰৰ কুটিৰ ঘাট গাঁৱৰ সাধাৰণ শিক্ষকৰ পুত্ৰ হৈ বিধায়ক হোৱাৰ সপোন দেখা বুলি তুচ্ছ তাচ্ছিল্য কৰা ঘটনাক লৈ দেওবাৰে নিশা আমিনুল ইছলামে এআইইউডিএফৰ এক নিৰ্বাচনী সভাত অগপ-বিজেপিক দেশৰ প্ৰধান শত্ৰু বুলি কৈ জাবেদ ইছলামক নিকৃষ্ট ৰাজনীতি নকৰিবলৈ সকিয়নি প্ৰদান কৰে।

সভাখনত আমিনুল ইছলাম কয় , "এন আৰ চি হৈ গ'ল, কোটি কোটি টকা খৰচ হ'ল। আজি স্বৰাজ মন্ত্ৰীয়ে এন আৰ চি নামানো বুলি কয় । এন আৰ চি কাৰো বাপেকৰ সম্পত্তি নহয় । আমি এন আৰ চি মানিমেই।" আন এক প্ৰসংগত ইছলামে কয়, "আজি আমি মাটি কিনিব নোৱাৰি, অসমীয়া সকলৰ ১০০ শতাংশ অধিকাৰ লাগে। অসমীয়া সকলৰ ১০০ শতাংশ এম এল এ , এম পি ৰ অধিকাৰ লাগে। ১০০ শতাংশ চাকৰি লাগে।"

তেওঁ কয়, "আমি অসমীয়া, গামোছা লৈ আছো অসমীয়াৰ, জাপি লৈ আছো অসমীয়াৰ, শৰাই লৈ আছো অসমীয়াৰ, বিহু মাৰি আছো অসমীয়াৰ, পঢ়া-শুনা কৰি আছো অসমীয়াত কিন্তু আমাক তেওঁলোকে অসমীয়া বুলি স্বীকৃতি নিদিয়ে। অগপ-বিজেপিয়ে আমাৰ লগত এই ফৰ্মুলা কৰি আছে সৰ্বদিশতে আমাক বঞ্চিত কৰি ৰাখিছে।"

আমিনুল ইছলামে কয়, "দেশৰ প্ৰধান শত্ৰু অগপ আৰু বিজেপি, অসমৰ প্ৰতিটো সম্পদ অগপ-বিজেপিয়ে বিক্ৰী কৰিলে। দেশৰ শত্ৰুক প্ৰতিহত কৰাৰ বাবে আমি ৯ টা দল একত্ৰিত হৈছো। এইবাৰ চৰকাৰ মহাজোট হোৱাটো ১০০ শতাংশ নিশ্চিত। মোদীৰ হাৱা থকাৰ বাবে উজনিত তেওঁলোক অধিক আসন পাইছিল, কিন্তু এইবাৰ মোদীৰ হাৱা পামছাৰ হৈছে। সেই বাবে আমি চৰকাৰ গঠন কৰিমেই।"

ধৰ্মৰ প্ৰসংগত ইলমালে অগপ-বিজেপিৰ তীব্ৰ সমালোচনা কৰি কয়, " পৃথিৱীৰ ভিতৰত এনে কোনো দেশ নাই, যত ধৰ্ম গ্ৰন্থক সংশোধন কৰে। কিন্তু অগপ-বিজেপিয়ে ভাৰতত ধৰ্ম গ্ৰন্থৰ ওপৰত হস্তক্ষেপ কৰিছে। ১৪শ বছৰীয়া পুৰণি কোৰান শ্বৰীফত থকা তিনি তালাক বন্ধ কৰি নজীৰ বিহীন ঘটনাৰ সৃষ্টি কৰিছে অগপ-বিজেপিৰ চৰকাৰখনে। বাবৰি মছজিদ ষড়যন্ত্ৰ ভাৱে মন্দিৰ বনোৱা হ'ল। প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে মহিলা শালিলতা হানিৰ অভিযোগ তুলি বাবৰি মছজিদক মন্দিৰৰ পক্ষে ৰায় দিয়া হৈছে। তাৰ পিছতো মছজিদৰ বাবে পৃথককৈ ভূমি দিয়াত ভাৰতৰ মুছলমান সকলে ন্যায়ালয়ৰ ৰায় মানি লৈছে। কিন্তু বিজেপি চৰকাৰে কাৰ্বি আলংগত মছজিদত আজান বন্ধ কৰি দিছে। মাদ্ৰাছা বন্ধ কৰি দিছে। ধৰ্মৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰা এই চৰকাৰ জীয়াই থকাৰ আৰু অধিকাৰ নাই।" এনেদৰে আমিনুল ইছলামে অগপ-বিজেপিক তীব্ৰ সমালোচনা কৰি নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in