ভুৱা চি আৰ পি এফ বাহিনী লৈ আমিনুল ইছলামৰ মৈৰাবাৰীত গুণ্ডাগিৰি…

ভুৱা চি আৰ পি এফ বাহিনী লৈ আমিনুল ইছলামৰ মৈৰাবাৰীত গুণ্ডাগিৰি…

ডিজিটেল সংবাদ, ধিং : ৰাজনীতিৰ বাবে বিতৰ্কিত বিধায়ক আমিনুল ইছলামে যে সকলো কৰিব পাৰে তাক আজি পুণৰ বাৰ প্ৰমাণ কৰিলে । এজন বিধায়ক হৈ ভুৱা চি আৰ পি এফ জোৱানৰ দৰে এটা বাহিনী সজাই সৰ্বসাধাৰণ লোকক ভয় দেখুৱাবলৈ গৈ আজি নিজেই বাহিনী সহ পহু খেদা খালে । অৱশ্যে ভুৱা চি আৰ পি এফ বাহিনীৰ সাজত অহা আমিনুলৰ গুণ্ডাবাহিনী টোৰ হাতত কেবাজনো প্ৰতিবাদকাৰী আহত হয় ।

পৰিস্থিতি অতি বেয়াৰ ফালে যোৱাত মৰিগাঁও আৰক্ষীৰ হৈ ডি এছ পি গিতাৰ্থ দেৱ শৰ্মা সহ এটি আৰক্ষী আৰু অৰ্ধ – সামৰিক বাহিনীৰ জোৱান উপস্থিত হৈ পৰিস্থিতি নিৰন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা সময়তে সেই স্থানত উপস্থিত হয়হি ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ । আৰু মেহবুব মোক্তাৰে ৰাইজক হাতযোৰ কৰি শান্ত হ'বলৈ আহ্বান জনোৱাত শান্ত হয় প্ৰতিবাদ কাৰী ।

ঘটনাৰ বিবৰণী মতে যোৱা কেবাদিনো ধিং, মৈৰাবাৰী, আলিটেঙ্গনি আদি মৌজাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিলে যতে ততে আমিনুল ইছলাম সন্মুখীন হয় অভাৱনীয় পৰিস্থিতিৰ । বহু স্থানত খহনীয়াগ্ৰস্ত কৃষক সকলে আমিনুল ইছলামৰ প্ৰবেশ পৰ্যন্ত নিষেধ কৰি দিয়ে । সেই বাবে মুকলিকৈ প্ৰচাৰ চলাবলৈ অহাটোৱে আমিনুলৰ বাবে বিপদ জনক হৈ পৰে । কিছু দিন মুকলি প্ৰচাৰৰ পৰা আতৰি থাকি হঠাত আমিনুলে বেলেগ ৰূপত সমষ্টিত প্ৰচাৰ আৰম্ভ কৰে । আগে পিছে দুখন গাড়ীত চি আৰ পি সাজত প্ৰায় বিশ জনীয়া এটি যুৱকৰ দল লগত লৈ আৰম্ভ কৰে প্ৰচাৰ ।

সাধাৰণ খহনীয়া গ্ৰস্ত প্ৰতিবাদী লোক সকলে চি আৰ পি ইফৰ সাজত অহা বাহিনী দেখি প্ৰতিবাদ বন্ধ কৰে । আজি আমিনুল ইছলামে সেই বাহিনীটো লগত লৈয়ে আহিছিল ধিং আৰু মৈৰাবাৰীলৈ । আমিনুল ইছলামে বিনা অনুমতিত মৈৰাবাৰী ইন্দিৰা খেল পথাৰৰ ঈদগাহ ময়দানত সভা পতাৰ গোপন প্ৰস্তুতি কৰে । আমিনুলৰ সভা হ'ব বুলি ময়দামত শতাধিক লোক সমবেত হোৱাত মৈৰাবাৰী আৰক্ষীয়ে সমবেত লোক সকলক আতৰাই পঠিয়াই ।

কিন্তু কিছু সময় পাছতে চি আৰ পি এফৰ সাজত জোৱানৰ দল টোক আগে পিছে লৈ আমিনুলে বিনা অনুমতিত ত্ৰিশ – চল্লিশ খন গাড়ীৰে ৰেলি কৰি উপস্থিত হয়হি মৈৰাবাৰীত । আৰু আৰম্ভ কৰে ৰাস্তাৰে ৰেলি । ইয়াকে দেখি ক্ষুব্ধ হয় ৰাইজ । একাংশ লোকে আমিনুল বাহিনীক কলা পতাকা পদৰ্শন কৰে । কলা পতাকা পদৰ্শন কৰা সৰ্বসাধাৰণ প্ৰতিবাদকাৰী সকলৰ ওপৰত জপিয়াই পৰে চি আৰ পি এফৰ সাঁজত আমিনুলৰ লগত অহা গুণ্ডাবাহিনীৰ দল ।

গুণ্ডাবাহিনীটোৰ আক্ৰমনত আহত হয় মজিবুৰ ৰহমান (৪৮) ৱাকিবুৰ হুছেইন (৩৫), হৰজত আলী (৬০) কে ধৰি কেবাজনো লোক । আহত লোক কেইজনক মৈৰাবাৰী চিকিৎসালয়ত ভৰ্তি কৰা হয় । আমিনুলৰ গুণ্ডাবাহিনীৰ আক্ৰমণত ক্ষুব্ধ হৈ পৰা জনতাই আমিনুলৰ চি আৰ পি এফ সাজৰ গুণ্ডাবাহিনীসহ আমিনুলক পহু খেদা দিয়ে ।

আমিনুল চি আৰ পি এফ বাহিনীসহ আশ্ৰয় লয়গৈ দুৰাবান্ধি ৰাস্তাৰ কাষৰ ইছলাম উদ্দিন নামৰ এজন কৰ্মীৰ ঘৰত । সেই মূহুৰ্ত্বতে এজন সেনাবাহিনী ৰূপত থকা জুৱানক ৰাইজে আটক কৰি সোধ পোছ কৰাত ওলাই পৰে আমিনুলৰ ভেল্কিবাজি । সকলোৱে বাহিনীটো ভুৱা বুলি জনাত বাহিনীটোৰ বাকী সদস্য ইছলাম উদ্দিনৰ ঘৰৰ পিছফালেদি পলায়ন কৰে ।

পৰিস্থিতি অতি ভয়ানক হৈ পৰাত ধিং সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ উপস্থিত হয়হি আৰু ৰাইজক হাত যোৰ কৰি অনুুৰুধ কৰাত ৰাইজ শান্ত হয় । অৱশ্যে ৰাইজে আটক কৰা লোক জনক আৰক্ষীক গতাই দিয়ে । এই ঘটনাক লৈ ধিং সমষ্টিবাসীয়ে তীব্ৰ ভাষাৰে গৰিহনা দিছে আমিনুল ইছলামক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in