বিধায়ক আমিনুল ইছলামৰ ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচীৰ প্ৰচাৰ অভিযান…

বিধায়ক আমিনুল ইছলামৰ ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচীৰ প্ৰচাৰ অভিযান…

ডিজিটেল ডেস্ক : হাতত ৰাষ্ট্ৰীয় পতাকা লৈ মানকাচৰৰ বিধায়ক আমিনুল ইছলামৰ হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ প্ৰচাৰ অভিযান। ত্ৰিৰংগাক সন্মান জনাই ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ সমষ্টিবাসীক ঘৰে ঘৰে পতাকা উত্তোলনৰ আহ্বান মানকাচৰৰ বিধায়ক আমিনুল ইছলামৰ। জিলা কৃষি বিভাগ আৰু হাটশিঙিমাৰী কৃষক উৎপাদক কোম্পানীৰ সহযোগত হৰ ঘৰ ত্ৰিৰংগা আঁচনি মানকাচৰ জিলাত সফল কৰিবলৈ ভিতৰুৱা গাঁও অঞ্চলত প্ৰচাৰ চলায় বিধায়কগৰাকীয়ে।

বিধায়কগৰাকীৰ হাতত ৰাষ্ট্ৰীয় পতাকা লৈ ঝাওডাঙ্গা গাঁও পঞ্চায়তৰ ভিতৰুৱা গাঁৱত গৈ সমষ্টিবাসীক ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ তিনিদিন নিজৰ ঘৰত পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায়। বিধায়ক গৰাকীৰ এই ঘৰ ঘৰ ত্ৰিৰংগা প্ৰচাৰ অভিযানত জিলা কৃষি বিভাগৰ ভাৰপ্ৰাপ্ত কৃষি বিষয়া, কৃষক উৎপাদক কোম্পানীৰ কাৰ্যবাহী বিষয়া মইনুল হকৰ লগতে কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এ আই ইউ ডি এফৰ বিধায়ক গৰাকীয়ে এইদৰে পতাকা হাতত লৈ সমষ্টিবাসীক হৰ ঘৰ ত্ৰিৰংগা আঁচনি সফল কৰিবলৈ সমষ্টিবাসীক জনোৱা আহ্বানে বিশেষ তাৎপৰ্য বহন কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in