আমিনগাৱত কামৰূপ জিলাৰ পথ সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সজাগতা সভা

আমিনগাৱত কামৰূপ জিলাৰ পথ সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সজাগতা সভা

ডিজিটেল সংবাদ, উত্তৰ গুৱাহাটীঃ আমিনগাৱত কামৰূপ জিলাৰ পথ সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ সজাগতা সভা মঙলবাৰে কামৰূপ জিলা উপায়ুক্ত কাৰ্যলয়ৰ সভাকক্ষত অনুষ্ঠিত হৈ যায়। কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ তথা জিলাখনৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গুৰুত্বপূৰ্ণ সভাখনিত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে উচ্চতম ন্যায়লয়ে পথ দুৰ্ঘটনা ১০ শতাংশ হ্ৰাস কৰিবলৈ বান্ধি দিয়া নিৰ্দেশ কেনেদৰে পালন কৰা যায় এই সম্পৰ্কে গভীৰ ভাবে আলোচনা কৰা হয়।

কামৰূপ জিলাৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা থকা ঠাই সমূহ চিনাক্ত কৰি ৰাইজক সজাগ কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে প্ৰস্তাৱ লোৱা হয়। প্ৰথম কাৰ্য হিচাপে জিলাখনৰ সকলো চৰকাৰী বিভাগৰ বিষয়া কৰ্মচাৰীক লৈ দুৰ্ঘটনা সংঘটিত হোৱা অঞ্চলত কাম কৰাৰ বাবে dedicated team গঠন কৰা হয়। তদুপৰি জিলাখনৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাজ্যিক পথ সমূহৰ কাষত থকা প্ৰায় ৩৫০ খন দুৰ্ঘটনা প্ৰৱণ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক কেনেদৰে পথ সুৰক্ষাৰ ক্ষেত্ৰত সজাগ কৰিব পৰা যায় এই সম্পৰ্কত আলোক পাত কৰা হয়।

উল্লিখিত বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰীক পথ সুৰক্ষাৰ বাবে বিদ্যালয় সমূহৰ সন্মুখত বিপদ সংকেত
চিহ্ন আৰি দিয়াৰ বাবে সভাই প্ৰস্তাৱ গ্ৰহণ কৰে। উল্লেখ্য যে, জিলা পথ সুৰক্ষা সমিতিৰ সদস্য সচিব গৌতম দাসে আতঁ ধৰা অনুষ্ঠানটোত কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত মুনীন্দ্ৰ কুমাৰ ঙাটে, কামৰূপ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়া, কামৰূপ জিলাৰ উপ- আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ উপৰিও বিভিন্ন বিভাগৰ বিষয়া উপস্থিত থাকে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in