কামৰূপ জিলাৰ কৃষকৰ সুবিধাৰ্থে মাটিমাহৰ বীমাকৰণ আচঁনি…

কামৰূপ জিলাৰ কৃষকৰ সুবিধাৰ্থে মাটিমাহৰ বীমাকৰণ আচঁনি…

ডিজিটেল ডেস্ক : কৃষি প্ৰধান দেশ ভাৰতৰ কৃষকসকলৰ‌ সৰ্বাংগীন উন্নয়নৰ অৰ্থে ভাৰত চৰকাৰে সময়ে সময়ে বিভিন্ন আচঁনি‌ হাতত লৈ আহিছে। এনে আচঁনিৰ সুবিধা লাভ কৰি কৃষকসকল সচাঁকৈয়ে উপকৃত হোৱা দেখা যায়। ভাৰত‌ কৃষি প্ৰধান দেশ যদিও ইয়াৰ গৰিষ্ঠ সংখ্যক কৃষক দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা দেখা যায়। তেনে কৃষকসকলক আৰ্থিক দিশত সহায় আগবঢ়োৱাৰ উদ্দেশ্যে ভাৰত চৰকাৰে গ্ৰহণ কৰা অন্যান্য আচঁনিসমূহৰ মাজৰে এখন হ'ল প্ৰধান মন্ত্ৰী ফচল বীমা যোজনা।

দেশৰ অন্যান্য প্ৰান্তৰ কৃষকসকলৰ দৰেই কামৰূপ জিলা কৃষি বিভাগৰ অন্তৰ্গত অঞ্চলসমূহৰ কৃষকসকলো এই বীমা আচঁনিৰ জৰিয়তে লাভাম্বিত হৈছে। কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ উদ্দেশ্য আগত ৰাখি প্ৰস্তুত কৰা এই আচঁনিয়ে শালি খেতিৰ বীমাকৰণৰ সফলতাৰ পিছত এতিয়া মাটিমাহ খেতিৰ বীমাকৰণৰ দিশে আগবাঢ়িছে। সেই উদ্দেশ্যে আমিনগাৱঁৰ সংহত জিলা কাৰ্যালয়ত কৃষি বীমা কোম্পানীৰ সদস্যসকল এখন বৈঠকত মিলিত হয়।

উক্ত বৈঠকত বীমা কোম্পানীৰ সদস্যসকলে কামৰূপ জিলা অন্তৰ্গত মাটিমাহৰ খেতি হোৱা অঞ্চলসমূহ চিনাক্ত কৰি অহা ১০ ছেপ্তেম্বৰৰ ভিতৰত ১০০ শতাংশ বীমাকৰণ সম্পূৰ্ণ কৰিব বুলি সংকল্প লয়। এই সুযোগতে কামৰূপ জিলা কৃষি বিষয়া ধীৰেন্দ্ৰনাথ কাৰ্জীয়ে সমূহ কৃষক ৰাইজক প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in