আমিনগাঁৱত অতিৰুদ্ৰ মহাযজ্ঞঃ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ২ শতাধিক পুৰোহিতে লৈছে অংশ

আমিনগাঁৱত অতিৰুদ্ৰ মহাযজ্ঞঃ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ২ শতাধিক পুৰোহিতে লৈছে অংশ

ডিজিটেল ডেস্কঃ আমিনগাঁৱত বুধবাৰৰ পৰা আৰম্ভ হৈছে অতিৰুদ্ৰ মহাযজ্ঞ। আমিনগাঁৱৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সংলগ্ন পেৰেডগ্ৰাউণ্ডত অনুষ্ঠিত এই যজ্ঞ ৭দিন ধৰি চলিব। উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্রথমবাৰৰ বাবে অনুষ্ঠিত এই যজ্ঞত পুৰোহিত হিচাপে অংশগ্ৰহণ কৰিবৰ কাৰণে বানাৰস, গোৱা, কৰ্ণাটক, কেৰালাকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ২শতাধিক বচা বচা পণ্ডিত-পুৰোহিতক আমন্ত্ৰণ কৰি অনা হৈছে।

লক্ষণীয়ভাৱে, এই বিশাল আয়োজনৰ মূল উদ্যোক্তা কোন সেই বিষয়ে উত্তৰ গুৱাহাটীৰ ৰাইজ সম্পূৰ্ণৰূপে অৱগত নহয়। স্থানীয়ভাৱে এখন অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে যদিও, যজ্ঞৰ আয়োজনৰ সকলো দিশ তদাৰক কৰিছে প্ৰশাসনীয় বিষয়া-কৰ্মচাৰীৰ লগতে প্ৰয়াত কংগ্ৰেছ নেতা মানবেন্দ্ৰ শৰ্মাৰ পুত্ৰ ৰাজীৱ শৰ্মাই। সেয়ে অতি স্বাভাৱিকভাৱেই জালুকবাৰী সমষ্টি এলেকাত অনুষ্ঠিত এই বিশাল অতিৰুদ্ৰ মহাযজ্ঞৰ আঁৰৰ ব্যক্তি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বুলিয়ে চৰ্চিত হৈছে।

এই যজ্ঞত প্ৰথম দিনাই প্ৰায় ৫০ সহস্ৰাধিক দৰ্শনাৰ্থীয়ে বিভিন্ন প্ৰান্তৰ পৰা আহি অংশ লয়। আয়োজনসকলৰ দাবী- ৭দিন চলিব লগা এই যজ্ঞত প্ৰায় ৩ লক্ষাধিক লোকে অংশ ল'ব।ইপিনে এই বিশাল অতিৰুদ্ৰ মহাযজ্ঞ আয়োজনৰ নামত অতি ক'মেও ৩ কোটি টকা ব্যয় হ'ব। এই যজ্ঞই বিশ্ব শান্তিৰ উদ্দেশ্যে অনুষ্ঠিত কৰা বুলি সদৰী কৰিছে আয়োজকসকলে।

এই মহাযজ্ঞৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবেও ব্যয় কৰা হৈছে যথেষ্ট ধন। উদ্যোক্তা সকলে জানিবলৈ দিয়া মতে, এই যজ্ঞৰ জৰিয়তে শান্তি প্ৰতিষ্ঠাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক দুৰ্যোগৰ লগতে অন্যান্য দুষ্কৃতিসমূহো দূৰ হৈ অঞ্চলটোলৈ শান্তি আৰু সমৃদ্ধিৰ এক পৰিৱেশ নমাই আনিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in