অৱশেষত কাজিৰঙাৰ গঁড়লৈ চীনৰ পৰা আহিল সু-খবৰ! প্ৰকৃতিপ্ৰেমীৰ আদৰণি

অৱশেষত কাজিৰঙাৰ গঁড়লৈ চীনৰ পৰা আহিল সু-খবৰ! প্ৰকৃতিপ্ৰেমীৰ আদৰণি

ডিজিটেল ডেস্কঃ চীনৰ এক সিদ্ধান্তৰ পিছতে কাজিৰঙাৰ বিশ্ববিখ্যাত এশিঙিয়া গঁড়লৈ নামি অহা সংকটৰ ছাঁ এতিয়া কিছু পৰিমাণে হ'লেও আঁতৰ হৈছে। বিশ্বৰ অগণন প্ৰকৃতিপ্ৰেমীৰ প্ৰতিবাদৰ অন্তত অৱশেষত চীনে সলনি কৰিবলৈ বাধ্য হয় সেই সিদ্ধান্ত।

বিজ্ঞানৰ যুক্তিক অংগুষ্ঠ প্ৰদৰ্শন কৰি ইয়াৰ পূৰ্বে পৰম্পৰাগত চীনা ঔষধ নিৰ্মাণৰ বাবে বাঘ আৰু গঁড়ৰ দেহৰ অংশ ব্যহাৰৰ বাবে অনুমোদন জনাইছিল চীনৰ চৰকাৰে। তাৰ পিছতে বিশ্বজুৰি প্ৰকৃতিপ্ৰেমী তথা বন্যপ্ৰাণী সচেতন সংগঠনসমূহে প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে চীনে এই অনুমোদন খাৰিজ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

সংবাদ প্ৰতিষ্ঠান এ পিয়ে প্ৰকাশ কৰা মতে, সম্প্ৰতি ডিং ছোডং নামৰ এগৰাকী চীনা উচ্চপদস্থ বিষয়াই চৰকাৰী সংবাদ মাধ্যমত দিয়া সাক্ষাতত কৰাত এই কথা সদৰী কৰে। চীনৰ নতুন নিৰ্দেশমৰ্মে বাঘ, গঁড়ৰ দেহৰ অংশ আমদানি, ৰপ্তানি কিম্বা বিক্ৰীৰ ক্ষেত্ৰত স্থগিতাদেশ জাৰি কৰা হৈছে।

চীনা বিষয়াগৰাকীয়ে কয়, 'কিছু দিনৰ ভিতৰতে চীনা চৰকাৰে সংশ্লিষ্ট বিভাগক বাঘ আৰু গঁড়ৰ অংগৰ অবৈধ ব্যৱসায় বন্ধ কৰাৰ উদ্দেশ্যে বিশেষ তালাচী অভিযান চলাবলৈ নিৰ্দেশ দিছে। যিসকলে এনে বে-আইনী কাৰ্য কৰি আছে, তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।'

উল্লেখ্য যে, চীনত ভেষজ ঔষধ তৈয়াৰত বাঘৰ হাড় আৰু গঁড়ৰ খৰ্গ ব্যৱহাৰৰ ৰীতি বহু প্ৰচীন কালৰে পৰা চলি আহিছে যদিও পশু দেহৰ অংগ ব্যৱহাৰত কোনো সুফল পোৱা যায় নে নাযায় সেয়া আজিলৈ প্ৰমাণিত হোৱা নাই। কিন্তু ইয়ে বন্য জীৱ-জন্তুৰ সংখ্যা অধিক হ্ৰাস কৰা পৰিলক্ষিত হৈছে। বন্যপ্ৰাণীৰ বিলুপ্তিৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ বিশ্বৰ হেঁচাত অৱশেষত ১৯৯৩ চনত বাঘ আৰু গঁড়ৰ অংগ আমদানি অথবা বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিবলৈ বাধ্য হয়।

ইফালে, যোৱা ২৯ অক্টোবৰত এখন নতুন আইন প্ৰৱৰ্তন কৰি বাঘ আৰু গঁড়ৰ অংগ কিনা-বেচাৰ ক্ষেত্ৰত চীনা চৰকাৰে চিকিৎসা আৰু বিজ্ঞান বিষয়ক গৱেষণা তথা সাংস্কৃতিক অধ্যয়নৰ দোহাই দি বন্য জীৱ-জন্তু হত্যাত পূৰ্বে লগোৱা নিষেধাজ্ঞা উঠাই লয়। ইয়াৰ পিছতে সমগ্ৰ বিশ্বজুৰি পুনৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰকৃতিপ্ৰেমী আৰু বন্যপ্ৰাণী সংৰক্ষণ সংস্থাসমূহে।

বন্য প্ৰাণীৰ অংগ কিনা-বেচাত চীনে পুনৰ নিষেধাজ্ঞা জাৰি কৰিছে যদিও সম্পূৰ্ণ নিশ্চিত হ'ব পৰা নাই বন্যপ্ৰাণী সংৰক্ষণ তথা প্ৰকৃতিপ্ৰেমী সংগঠনসকল। বিশ্ব বন্যপ্ৰাণী সংস্থা (ডব্লিউ ডব্লিউ এফ)-এ দাবী কৰিছে যে চীনে পুনৰ নিষেধাজ্ঞা উঠাই ল'ব পাৰে আৰু তাৰ ফল এদিন সমগ্ৰ বিশ্বই ভুগিব লাগিব।

সেয়া হ'লেও চীনৰ সিদ্ধান্তৰ পিছতে বিশ্বৰ অন্য প্ৰান্তৰ লগতে কাজিৰঙাৰ এশিঙীয়া গঁড়ক লৈ যি আশংকাই দেখা দিছিল উক্ত আশংকা এতিয়া বহু পৰিমাণে নাইকিয়া হৈ পৰিছে বুলি মন্তব্য কৰিছে বন্যপ্ৰাণীৰ হকে মাত মাতি অহা সংগঠনসমূহে। উক্ত সংগঠনসমূহে চীন চৰকাৰে আকৌ সিদ্ধান্ত সলনি নকৰে বুলিও আশা প্ৰকাশ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in