কোৰোনাৰ প্ৰভাৱ, ভাৰ্চুৱেলী পালন কৰা হ’ব হৰ্ণবিল উৎসৱ…

কোৰোনাৰ প্ৰভাৱ, ভাৰ্চুৱেলী পালন কৰা হ’ব হৰ্ণবিল উৎসৱ…

ডিজিটেল ডেস্কঃ হৰ্ণবিল উৎসৱ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে নগালেণ্ড চৰকাৰে। এইবাৰৰ হৰ্ণবিল উৎসৱ ভাৰ্চুৱেলী পালন কৰাহ'ব। কোৰোনা সৃষ্ট পৰিৱেশৰ বাবে এই সিদ্ধান্ত লৈছে নগালেণ্ড চৰকাৰে। শনিবাৰে নিশা এক জাননীযোগ এই কথা সদৰী কৰে ৰাজ্যখনৰ চৰকাৰে।

ৰাজ্যখনৰ পৰ্যটন বিভাগে সদৰী কৰা অনুসৰি, অডিঅ' ভিজুৱেল মিডিয়া চেনেল আৰু ছ'চিয়েল মিডিয়াযোগে এই উৎসৱ প্ৰদৰ্শন কৰা হ'ব। নিজ নিজ বাসগৃহতে বহি বহি সকলোৱে টিভি বা ছ'চিয়েল মিডিয়াত চাই উপভোগ কৰিব পাৰিব আদিবাসী লোকসকলৰ পৰম্পৰাগত নৃত্যও।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in