শেহতীয়া খবৰ
কাছাৰত বাৰ্মিজ চিগাৰেট-হিৰ’ইন সহ নিচাজাতীয় টেবলেট জব্দ...  •  অসমত পুনৰ ২১৬৭ জন কোভিড পজিটিভ, ৩৬জনে হেৰুৱালে প্ৰাণ...  •  নগাঁৱৰ ৰত্নপুৰৰ প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে কাছ মেলিলে বটদ্ৰৱা থানৰ আকাশী গংগাত...  •  বালাজান তিনালী ব্যৱসায়িক সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন...  •  কোৰোনাত আক্ৰান্ত ৰেল বিভাগ  •  মূৰত আছে মন্ত্ৰীৰ আশীৰ্বাদ, বিনা বাধাই চোৰাং তেলৰ কাৰবাৰ কৰা অগপ নেতাক গ্ৰেপ্তাৰ...  •  ৰাজ্যত আনল’কঃ কোন জিলাত কেতিয়াৰ পৰা সান্ধ্য আইন!  •  তিনি শিশুক তালিবানী নিৰ্যাতন চলোৱা জগত পেগুক কঠোৰ শাস্তি বিহাৰ দাবী দল-সংগঠনৰ...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...

‘আমি সোনাই পৰীয়া’ গোষ্ঠীৰ উদ্যোগত সদ্যপ্ৰয়াত যুৱ শিল্পী ৰাজ মেধিৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ “আমি সোনাই পৰীয়া অগ্ৰণী গোষ্ঠী”ৰ উদ্যোগত সদ্যপ্ৰয়াত যুৱ শিল্পী ৰাজ মেধিৰ সোঁৱৰণত আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ জনপ্ৰিয় ৰূপসজ্জা শিল্পী, নাটক পৰিচালক, অভিনেতা শিল্পী ৰাজ মেধিৰ বিয়োগৰ বৃহস্পতিবাৰে এমাহ সম্পূৰ্ণ হোৱা দিনটোত আইলক্ষী আঞ্চলিক সৰ্ব্বজনীন শিৱ মন্দিৰ প্ৰাংগনত কভিড প্ৰটকল ৰক্ষা কৰি অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে আমি সোনাই পৰীয়া অগ্ৰণী গোষ্ঠী”ৰ সভাপতি দীপজ্যোতি শইকীয়াই আৰু পুষ্পাঞ্জলী অৰ্পণ কৰে সম্পাদক জয়ন্ত বৰাই।

পাছত সমূহীয়া শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰয়াত শিল্পী গৰাকীৰ বিদেহী আত্মাৰ সদগতিৰ অৰ্থে প্ৰাৰ্থনা কৰা হয়। উক্ত অনুষ্ঠানতে ৰাজ মেধিৰ সোঁৱৰণত কবি অম্লান দ্বীপ শইকীয়াই সম্পাদনা কৰা “নিৰবধি” শীৰ্ষক এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি