লকডাউনৰ বাবে চিকিৎসা অবিহনে GMCHত মৃত্যুৰ ক্ষণ গণিছে দুই ছাত্ৰই ,  স্বাস্থ্যমন্ত্ৰীক কাতৰ আহ্বান পৰিয়ালৰ…

লকডাউনৰ বাবে চিকিৎসা অবিহনে GMCHত মৃত্যুৰ ক্ষণ গণিছে দুই ছাত্ৰই , স্বাস্থ্যমন্ত্ৰীক কাতৰ আহ্বান পৰিয়ালৰ…

ডিজিটেল সংবাদ, টংলাঃ লকডাউনৰ পৰিণতিত ওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তৰ্গত আমগুৰি গাঁৱৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত অমৃত দৈমাৰী আৰু মোহন দৈমাৰী নামৰ নৱম শ্ৰেণীৰ ছাত্ৰদ্বয় পৰ্যাপ্ত চিকিৎসা সেৱাৰ অভাৱত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত তিল তিলকৈ মৃত্যুৰ ক্ষণ গনিবলগীয়া হোৱা ঘটনাই পৰিয়ালটোলৈ ঘোৰ অমানিশা কঢ়িয়াই আনিছে ৷

উল্লেখ্যযে, যোৱা ১৩ মাৰ্চৰ নিশা ৩ নং দক্ষিন আমগুৰি গাঁৱৰ পৰা এখন ডিআই পিক্‌আপ বাহনত উঠি বিয়াৰ কইনা থ'ব গৈ সংঘটিত হোৱা দূৰ্ঘটনাত ৫জন লোকৰ মৃত্যু হোৱাৰ উপৰিও ২১জন কৈ লোকৰ আহত হৈছিল ৷ এই আহতসকলৰ মাজত অমৃত দৈমাৰী আৰু মোহন দৈমাৰী নামৰ ছাত্ৰ দুজনো গুৰুতৰভাৱে আহত হৈছিল ৷

আন আহতসকলৰ লগতে ছাত্ৰ দুজনক প্ৰথমে মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱাৰ পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ স্বাগত নাছিং হ'মত ভৰ্তি কৰিছিল ৷ চিকিৎসালয়খনৰ বৰ্দ্ধিত খৰছ জোৰা মাৰিবলৈ পৰিয়াল দুটাই একমাত্ৰ সমল ৰূপিত মাটিকে ধৰি পোহনীয়া গৰু আদি বিক্ৰী কৰাৰ উপৰি ৰাইজ তথা জনপ্ৰতিনিধিৰ দান-বৰঙনি সংগ্ৰহৰে চিকিৎসা কৰি শেহতীয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি কৰে ৷

সম্প্ৰতি কোৰোনা ভাইৰাছৰ সংক্ৰমনৰ ৰোধৰ বাবে দেশব্যাপী অব্যাহত থকা লক্‌ ডাউনৰ পৰিনতিত আৰু জিএমচিএইছত চলি থকা প্ৰস্তুতিৰ বাবে অমৃত দৈমাৰীক আইচিইউ কক্ষ দিৱলৈ সক্ষম হোৱা নাই চিকিৎসালয় কৰ্তৃপক্ষ ৷ ইফালে পৰ্যাপ্ত চিকিৎসাৰ অভাৱত দিনকদিনে ছাত্ৰদ্বয়ৰ শাৰীৰিক অৱস্থাৰ দ্ৰুত অৱনতি ঘটাত পৰিয়াল দুটাই চকু পানীৰে বাট নেদেখা অৱস্থাৰ সৃষ্টি হৈছে ৷

সেয়ে এই দুৰ্ভগীয়া ছাত্ৰদ্বয়ৰ উন্নত চিকিৎসাৰ বাবে দৰিদ্ৰ পৰিয়াল দুটাই চৰকাৰ তথা স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুদৃষ্টি কামনা কৰিছে ৷ লক্‌ ডাউনৰ ফলত দুবেলা দুমুঠি খোৱাৰ বাবেও সংগ্ৰাম কৰি থকা ছাত্ৰদ্বয়ৰ পৰিয়াল দুটাই নিজ সন্তানৰ চিকিৎসা ব্যয় বহন কৰিবলৈ সামৰ্থ্য হেৰুৱাই অৱশেষত স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুদৃষ্টিৰ বাবে কাতৰ অনুৰোধ জনাইছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in