আমেৰিকাৰ বিমান বন্দৰত যুৱতীক তালাচীৰ নামত কাপোৰ খুলি নিৰ্যাতন

1,276

ডিজিটেল ডেস্কঃ প্ৰতিদিনে সমগ্ৰ বিশ্বৰ অসংখ্য মহিলা-যুৱতীয়ে নিজৰ কৰ্মক্ষেত্ৰত, গাড়ীত, বাট-পথত নিৰ্যাতনৰ বলি হৈ আহিছে। কিন্তু এগৰাকী যুৱতী কেৱল মুছলমান সম্প্ৰদায়ৰ হোৱাৰ বাবেই তালাচীৰ নামত বিমান বন্দৰত নিৰ্যাতন চলোৱাৰ ঘটনাই বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনা সংঘটিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা বিমান বন্দৰত।

এটা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সোমবাৰে এই কথা প্ৰকাশ কৰে জেইনাৰ নামৰ নিৰ্যাতিতা যুৱতীগৰাকীয়ে। আমেৰিকাৰ নাগৰিক  জেইনাৰে অভিযোগ কৰা মতে, ৱাছিংটনৰ পৰা হাৱাৰ্ডলৈ যোৱাৰ সময়তে বিমান বন্দৰত তেওঁক নিৰ্যাতন চলায়। বিমান বন্দৰৰ নিৰপত্তাৰক্ষীয়ে তালাচী চলোৱাৰ লগতে তেওঁক পৰিধান কৰি থকা সকলো বস্ত্ৰ খুলিবলৈ নিৰ্দেশ দিয়ে।

আনহাতে, যুৱতীগৰাকীয়ে তেওঁলোকৰ নিৰ্দেশ মানিবলৈ অমান্য হোৱাত তেওঁক সন্ত্ৰাসবাদী সজাই গুলিয়াই হত্যা কৰাৰো ভাবুকি দিছিল বুলি অভিযোগ কৰে নিৰ্যাতিতা যুৱতী গৰাকীয়ে।

“মই যেতিয়া বিমান বন্দৰত উপস্থিত হওঁ, তেতিয়া সকলোকে সাধাৰণভাবে তালাচী চলোৱা হৈছে। কিন্তু মোক তালাচী চলাই তেওঁলোকে মোৰ শৰীৰত হাত দিয়ে। মই তেওঁলোকৰ আচৰণ বুজিব পাৰি বাধা দিবলৈ চেষ্টা কৰাত মোক দেহৰ সমস্ত কাপোৰ খুলিবলৈ নিৰ্দেশ দিয়ে। অন্যথা মোক সন্ত্রাসবাদী সজাই বিমান বন্দৰতে গুলিয়াই মৰাৰো ভাবুকি দিয়ে। মই এগৰাকী মুছলিম সম্প্ৰদায়ৰ যুৱতী হোৱাৰ বাবেই মোৰ সৈতে এনে আচৰণ কৰে।”- এই মন্তব্য জেইনাৰৰ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও আমেৰিকাৰ মুছলিম সম্প্ৰদায়ৰ যুৱক-যুৱতীৰ ওপৰত ৰাষ্ট্ৰখনৰ আৰক্ষী, প্ৰশাসনে বিভিন্ন প্ৰকাৰে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত এজন আমেৰিকান মুছলিম যুৱকক সন্ত্ৰাসবাদীৰ সন্দেহত আমেৰিকাৰ সেনাই যুৱকজনক বাসগৃহতে তেওঁক গুলিয়াই হত্যা কৰিছিল। কিন্তু পিছত যুৱকজন কোনো সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত নহয় বুলি প্ৰকাশ পায়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি