মৃত্যুদূত ৰূপত ৰে’ল! কথমপি প্ৰাণৰক্ষা আৰক্ষী বিষয়াৰ, ভাইৰেল VIDEO

মৃত্যুদূত ৰূপত ৰে’ল! কথমপি প্ৰাণৰক্ষা আৰক্ষী বিষয়াৰ, ভাইৰেল VIDEO

ডিজিটেল ডেস্কঃ আনবোৰ পথ দুৰ্ঘটনাৰ লগতে প্ৰাণ হেৰুওৱাৰ সম্ভাৱনা অধিক ৰেল পথ পাৰ হোৱাৰ সময়ত। সাৱধানতা অলম্বন নকৰিলে তীব্ৰবেগী ৰেলখনে কাঢ়িব আপোনাৰ প্ৰাণ। ৰেল পথ পাৰ হোৱাৰেই এটা ভিডিঅ' এতিয়া ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। এখন আৰক্ষীৰ বাহনৰ সন্মুখৰে পাৰ হৈ যায় এখন ৰেল। মাত্ৰ ৩-৪ ফুট দূৰত্বতেই যেন ৰৈ আছিল যম।

এই শিহৰণকাৰী ভিডিঅ'টো অৱশ্যে ভাৰতৰ নহয়, আমেৰিকাৰহে। ভিডিঅ'টোত দেখা গৈছে যে- আৰক্ষীৰ এখন গাড়ীৰ নিচেই কাষেৰে পাৰ হৈ গৈছে এখন ৰেল। মাত্ৰ ৩-৪ফুট পূৰ্বেই আৰক্ষী বিষয়াগৰাকীয়ে ব্ৰেক লগাই গাড়ীখনৰ। লগতে এই ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছে যে, ৰেলখন পাৰ হোৱাৰ পাছতহে ৰেল ক্ৰছিঙৰ গেটখন তললৈ নমাই। জানিব পৰা মতে, ৰেগ ক্ৰছিঙৰ গেট দুখনত যান্ত্ৰিক বিজুতি হোৱাৰ ফলতেই এনে হৈছিল।

আমেৰিকাৰ আৰক্ষী পীটৰ ষ্টেগলৱিক্সৰে শুকুৰবাৰে এই সমগ্ৰ ঘটনাৰ ভিডিঅ' ফেচবুকত শ্বেয়াৰ কৰে। আৰু তাৰপাছতেই জুই বিয়পাৰ দৰে ভাইৰেল হৈ পৰে ভিডিঅ'টো। বৰ্তমানলৈ এই ভিডিঅ'টো ৭হাজাৰৰো অধিক শ্বেয়াৰ হৈছে.

ইফালে, আৰক্ষী বিষয়াগৰাকীয়ে ভিডিঅ'টো শ্বেয়াৰ কৰি লিখিছিল যে- 'মই ভাবিছিলো মোৰ ভাগ্য ভাল। আৰু সেই সময়ত মোৰ ভাগ্য মোৰ পক্ষত আছিল। সেয়েহে মই কৃতজ্ঞ।'

চাওঁক শিহৰণকাৰী ভিডিঅ'-

https://www.facebook.com/peter.stanglewicz/videos/10212129784669278/?t=47

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in