‘চীন নহয়, আমেৰিকা সদায় ভাৰতৰ পক্ষত…’

‘চীন নহয়, আমেৰিকা সদায় ভাৰতৰ পক্ষত…’

ডিজিটেল ডেস্কঃ ভাৰত-চীনৰ সৈতে সংঘৰ্ষৰ এই সময়ত সৰ্ব শক্তিশালী আমেৰিকা যুক্তৰাষ্ট্ৰ থাকিব ভাৰতৰ পক্ষত। শেহতীয়াকৈ এই সংকেত প্ৰদান কৰিলে আমেৰিকাৰ হোৱাইট হাউচৰ চীফ অৱ ষ্ট্ৰাফ পদত থকা মাৰ্ক মৌডোছে। তেওঁ কয়, আমাৰ স্থিতি সম্পূৰ্ণ স্পষ্ট। এনেকুৱা নহয় যে, বিশ্বৰ শক্তিশালী সেনা হোৱাৰ পিছতো আমেৰিকাই এনে পৰিস্থিতিৰ কেৱল নীৰৱ দৰ্শক হ'ব।

তেওঁ লগতে কয়, দক্ষিণ চীন সাগৰত আমেৰিকাৰ দুখনকৈ যুজাৰু বিমান ইতিমধ্যে অৱস্থান কৰিছে। গতিকে আমি চকুৰ সন্মুখতে পৰিস্থিতি চীনৰ ফালে ঢাল খাবলৈ দিব নোৱাৰো। তেওঁ কয়, আমেৰিকাই সময়ত উমান দিব যে, আমেৰিকা এতিয়াও বিশ্বৰ সৰ্ব শক্তিমান সামৰিক শক্তি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in