ভাৰতৰ পৰা ঔষধ বিচাৰি পুনৰ ট্ৰাম্পে ক’লেঃ সময়ত সহায় কৰিলে ভাল, নতুবা….

ভাৰতৰ পৰা ঔষধ বিচাৰি পুনৰ ট্ৰাম্পে ক’লেঃ সময়ত সহায় কৰিলে ভাল, নতুবা….

ডিজিটেল ডেস্কঃ কেইটামান দিনৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন কৰি বিচাৰিছিল হাইড্ৰক্সিক্ল'ৰোকুইন নামৰ এবিধ ঔষধ। মেলেৰিয়া ৰোগৰ নিৰাময়ৰ বাবে ব্যৱহাৰ হোৱা এই ঔষধবিধ ভাৰতে ২৫ মাৰ্চৰ পৰা প্ৰস্তুত আৰু বিক্ৰী বন্ধ কৰিছে যদিও ভাৰতে যিকোনো প্ৰকাৰে আমেৰিকাক এই ঔষধবিধ যোগান ধৰাতো বিচাৰিছে ট্ৰাম্পে।

সোমবাৰে পুনৰ সংবাদমাধ্যমক সম্বোধন কৰি ট্ৰাম্পে কয় যে, যদি ভাৰতে আমি বিচৰা হাইড্ৰক্সিক্ল'ৰোকুইন যোগানৰ অনুৰোধটো ৰক্ষা নকৰে, সেয়া আমাৰ বাবে বৰ আচৰিত কথা হ'ব।' লগতে তেওঁ কয়, ভাৰতে যদি অনুৰোধ ৰক্ষা কৰে তেন্তে আমি তেওঁলোকক সহায় কৰিম। যদিহে সহায় নকৰে তেনেহ'লেও কোনো কথা নাই। ভৱিষ্যতে তেওঁলোকেও আমাৰ পৰা এনেধৰণৰে প্ৰতিক্ৰিয়া পাব।'

উল্লেখ্য যে, মেলেৰিয়া নিৰাময়ৰ বাবে ব্যৱহাৰ হোৱা হাইড্ৰক্সিক্ল'ৰোকুইন ঔষধ সেৱন কৰোৱাইয়ে নিৰ্উয়কৰ সহস্ৰাধিক লোকক কিছু পৰিমাণে কোৰোনাৰ পৰা আৰোগ্য কৰি পাৰিছে আমেৰিকাই। সেয়ে আমেৰিকাই ভাৰতৰ পৰা বিচাৰিছিল এই ঔষধবিধ কিন্তু প্ৰস্তুতকৰনৰ কাম বন্ধ ৰখা এই ঔষধবিধ যোগান ধৰাক লৈ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰ নাই ভাৰতে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in