ভাৰত চৰকাৰে কৃষি আইন সন্দৰ্ভত পুনৰ বিবেচনা কৰা উচিতঃ কৃষকৰ সমৰ্থনত আমেৰিকা…

ভাৰত চৰকাৰে কৃষি আইন সন্দৰ্ভত পুনৰ বিবেচনা কৰা উচিতঃ কৃষকৰ সমৰ্থনত আমেৰিকা…

ডিজিটেল ডেস্কঃ দিল্লীৰ সিংঘু সীমাত অব্যাহত কৃষক আন্দোলনে বুধবাৰে ৪২ দিনত ভৰি দিলে। ব্ৰিটেইনকে ধৰি বহু কেইখন দেশৰ লগতে শেহতীয়াকৈ এই আন্দোলনলৈ সমৰ্থন আগৱঢ়াইছে আমেৰিকা যুক্তৰাষ্ট্ৰই। আমেৰিকাৰ ৰাজ্যসভাৰ অধ্যক্ষগৰাকীয়ে কৃষক সকলৰ আন্দোলনলৈ সমৰ্থন আগৱঢ়াই ভাৰত চৰকাৰক নতুন কৃষি আইন কেইখনৰ সন্দৰ্ভত পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে।

ৰাবিন জে বাঞ্চে আমেৰিকাত ভাৰতৰ ৰাষ্ট্ৰদূত তৰণ সিংহ সংঘুলৈ লিখা এখন পত্ৰৰ জৰিয়তে কৃষকৰ প্ৰতি সমৰ্থনৰ কথা ব্যক্ত কৰিছে। তেওঁ একে উদ্দেশ্যে এখন পত্ৰ ভাৰতৰ আমেৰিকাৰ ৰাজদূত কেন জষ্টৰলৈও প্ৰেৰণ কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in