শেহতীয়া খবৰ
ডিমাপুৰত গুলিবিদ্ধ অৱস্থাত উদ্ধাৰ ধেমাজিৰ যুৱক...  •  দৰঙত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬০৩ জনলৈ বৃদ্ধি...  •  মই কল্পনাই কৈছো- ‘ন্যায় লাগে মোক...’  •  চামগুৰিস্থিত পাৱাৰ গ্ৰীড ষ্টেচনত মন্ত্ৰী কেশৱ মহন্ত :বিদ্যুৎ ব্যাহত হোৱাত জ্বলাকলা খাইছে ৰাইজে...  •  বাতিল হোৱা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ছপাৰ দায়িত্বত আছিল বিজেপি নেতা...  •  মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ড০ পানছাৰীৰ গ্ৰন্থ ‘বাতো বাতো মে’...  •  দেশত একেদিনাই সুস্থ হৈ উঠিল ১ লাখতকৈ অধিক কোৰোণাক্ৰান্ত ...  •  গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীবহাৰ পিছফালৰ পথত কৃত্ৰিম বানপানী...  •  ৩০ ছেপ্টেম্বৰত ঘোষণা হ’ব কৃষক মুক্তিৰ নেতৃত্বত ৭০ সংগঠনৰ ৰাজনৈতিক দলৰ নাম...  •  ৩০ ছেপ্টেম্বৰত ঘোষণা হ’ব কৃষক মুক্তিৰ নেতৃত্বত ৭০ সংগঠনৰ ৰাজনৈতিক দলৰ নাম...

ভাৰতত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ প্ৰভাৱক লৈ চিন্তিত আমেৰিকা!

748

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তৰ পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ দেশৰ মূল ভূখণ্ডত সাব্যস্ত হৈ থকা প্ৰতিবাদে চিন্তিত কৰি তুলিছে আমেৰিকাকো। ভাৰতত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সাব্যস্ত হোৱা প্ৰতিবাদৰ বাবে আমেৰিকাৰ উদ্বেগৰ কথা ব্যক্ত কৰে যুক্তৰাষ্ট্ৰখনৰ বিশেষ ৰাষ্ট্ৰদূত চেম ব্ৰাউনবেকে।

খবৰ অনুসৰি ৰাষ্ট্ৰদূতগৰাকীয়ে কয়, ‘ভাৰতৰ অন্যতম শক্তিসমূহৰ ভিতৰত অন্যতম হৈছে দেশখনৰ সংবিধানখন। এখন সবল গণতান্ত্ৰিক দেশৰ বাবে আমি ভাৰতৰ সংবিধানখনক সন্মান জনাও। কিন্তু এতিয়া ‘কেব’ৰ বাবে গণতন্ত্ৰত পৰিব পৰা প্ৰভাৱে আমাকো চিন্তিত কৰি তুলিছে। আমি আশা কৰো যে চৰকাৰে ধৰ্মীয় স্বাধীনতাৰ লগতে সংবিধানৰ দায়বদ্ধতাসমূহো পালন কৰিব।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি