হাৰিয়ানা-ৰাজস্থানৰ ভক্তৰে ভৰি পৰিছে অম্বুবাচী মেলাৰ কামাখ্যা ধাম

হাৰিয়ানা-ৰাজস্থানৰ ভক্তৰে ভৰি পৰিছে অম্বুবাচী মেলাৰ কামাখ্যা ধাম

ডিজিটেল সংবাদ, গুৱাহাটীঃ অম্বুবাচী মেলালৈ দুটা দিন বাকী থকাৰ মাজতে দেশী-বিদেশী ভক্তৰ সমাগমেৰে উখল মাখল এতিয়া কামাখ্যা ধাম। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে দৰ্শনাৰ্থীৰ বাবে ইতিমধ্যে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

নিৰাপত্তাৰ দিশত আৰক্ষী প্ৰশাসন সম্পূৰ্ণ সাজু হৈছে। ইফালে অম্বুবাচী মেলা উপলক্ষে অসম তথা উত্তৰ পূৰ্বাঞ্চলকে ধৰি গুজৰাট, হাৰিয়ানা, পঞ্জাব, বাংলাদেশ, মধ্যপ্ৰদেশ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ আৰু নেপালৰ পৰা ভক্তৰ উপস্থিতি পৰিলক্ষিত হৈছে। ২২ জুনলৈ ভক্তৰ সমাগম অধিক সম্ভাৱনা আছে যদিও বৰ্তমানে ৩ হাজাৰ ভক্তৰ সমাগম বুলি জিলা প্ৰশাসনে জনায়।

তদুপৰি এইবাৰো নাগা বাবা এই মেলাত আহি উপস্থিত হয়। ভক্তৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি ভৰলুমুখৰ সোণাৰাম উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ খেল পথাৰত জিলা প্ৰশাসনে অস্থায়ী শিবিৰ আয়োজন কৰে। আনহাতে মেলাৰ নিবৃত্তি ২৬ জুনৰ দিনা পুৱা ৫ বজাত কামাখ্যা মন্দিৰৰ দুৱাৰ মুকলি হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in