নেপেলাব নাৰিকলৰ খোল, গ্ৰাহকে কিনি নিব ১৩০০ টকাত!

নেপেলাব নাৰিকলৰ খোল, গ্ৰাহকে কিনি নিব ১৩০০ টকাত!

ডিজিটেল ডেস্কঃ এটা নাৰিকলৰ মূল্য কিমান? আচলতে ভাৰতত পূজা-অৰ্চনাই হওঁক বা খোৱাৰ ক্ষেত্ৰতেই হওঁক নাৰিকলৰ ব্যৱহাৰ ব্যাপক হাৰত হয়। ভোগালী বিহুৰ পিঠা-পনা, লাড়ুৰ পৰা কেৰালাৰ প্ৰায় সকলো খাদ্যলৈকে ব্যৱহাৰ হয় নাৰিকল অথবা নাৰিকলৰ তেল। কিন্তু এটা নাৰিকলৰ মূল্য যদি ১৩শ টকা হয় তেন্তে আপুনিও নিশ্চয় তবধ মানিব। এটা সম্পূৰ্ণ নাৰিকলৰো দাম নহয় এয়া। নাৰিকলৰ বাহিৰৰ খোলটোৰেই দাম হৈছেগৈ ১৩০০ টকা।

অভিলেখ গঢ়ি এইবাৰ খালী নাৰিকলৰ খোলটোৰ মূল্য হয়গৈ ১৩০০ টকা। দৰাচলতে, অনলাইন শ্ব'পিঙৰ সুবিধা আগবঢ়োৱা 'এমেজ'ন'ত এটা নাৰিকলৰ খোলৰ মূল্যত প্ৰাইজ টেগ লিখা আছে ১৩৬৫ টকা। যিটো নাৰিকলৰ খোল সাধাৰণতে পেলাই দিয়া হৈছিল, তাৰ মূল্য এতিয়া ইমান অধিক হোৱাটো এক আচৰ্যকৰ কথা।

নাৰিকলৰ খোলটোৰ বিৱৰণত লিখা আছে যে, এই খোলটো প্ৰাকৃতিক নাৰিকলৰেই খোল। এই খোলটো এবাৰ ক্ৰয় কৰাৰ পাছত গ্ৰাহকে ইয়াক লৈ কোনো আপত্তি বা ঘূৰাই দিবৰ বাবে অনুৰোধ জনাব নোৱাৰিব বুলিও উল্লেখ কৰা হৈছে। ইয়াৰোপৰি, এই খোলটো কিনিবলৈ গ্ৰাহকৰ বাবে ই এম আই অৰ্থাৎ কিস্তী হিচাপেও ধন পৰিশোধ কৰিব পৰা সুবিধা আছে।

ইফালে, বজাৰত এটা নাৰিকল ২০-৪০টকাত লাভ কৰা গ্ৰাহকে এই নাৰিকলৰ খোলটো ইমান খিনি টকা দি কিয় কিনিব তাক লৈও বহুতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আন একাংশই আকৌ এই নাৰিকলৰ খোলটো বহু কামত ব্যৱহাৰ কৰিব পাৰি বুলি উল্লেখ কৰিছে। এটা সামান্য নাৰিকলৰ খোল ১৩০০ টকাত কিমান গ্ৰাহকে কিনিব সেইটোও হ'ব চাবলগীয়া।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in