কাশ্মীৰীৰ সমস্যাৰ মূল কাৰণ অমৰনাথ যাত্ৰাঃ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতী

কাশ্মীৰীৰ সমস্যাৰ মূল কাৰণ অমৰনাথ যাত্ৰাঃ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতী

ডিজিটেল ডেস্কঃ 'জম্মু-কাশ্মীৰলৈ অমৰনাথ যাত্ৰাৰ বাবে অহা তীৰ্থ যাত্ৰীৰ বাবে সমস্যাত পৰিছে কাশ্মীৰবাসী।' -এই অভিযোগ ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতীৰ। সোমবাৰে মেহবুবা মুফতীয়ে অভিযোগ কৰি কয় যে, অমৰনাথ যাত্ৰাৰ বাবে প্ৰশাসনে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিছে, সিয়ে জম্মু-কাশ্মীৰৰ স্থানীয় নিবাসীসকলক অসুবিধাত পেলাইছে। মুফতীয়ে এই সমস্যা সমাধানৰ বাবে ৰাজ্যপাল সত্যপাল মালিকক ব্যৱস্থা গ্ৰহণৰ বাবেও আহ্বান জনায়।

উল্লেখ্য যে, অমৰনাথ যাত্ৰাৰ কালছোৱাত নিৰাপত্তাৰ স্বাৰ্থত শ্ৰীনগৰ-জম্মু ৰাষ্ট্ৰীয় ঘাইপথত চিভিলিয়ান ট্ৰাফিক চলাচল বন্ধ কৰি ৰাখিছে প্ৰশাসনে। যাৰ ফলত স্থানীয় কাশ্মীৰবাসীৰ যাতায়তত সৃষ্টি হৈছে তীব্ৰ অসুবিধাৰ। এই সন্দৰ্ভত মুফতীয়ে কয়, 'বহু বছৰ ধৰি অমৰনাথ যাত্ৰা চলি আছে। কাশ্মীৰবাসীয়ে গোটেই বছৰ এই উৎসৱলৈ আগ্ৰহেৰে বাট যায়। কিন্তু এইবাৰ প্ৰশাসনে অমৰনাথ যাত্ৰাৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিছে, সি সমস্যাৰহে সৃষ্টি কৰিছে আৰু তীৰ্থযাত্ৰীসকলৰ লগত কাশ্মীৰবাসীৰ ভাতৃত্ববোধৰো অৱসান ঘটাইছে।

ইফালে কাশ্মীৰৰ এই সমস্যাৰ অভিযোগ কেৱল মেহবুবা মুফতীয়েই নহয়, উত্থাপন কৰিছে নেশ্যনেল কনফাৰেন্সৰ নেতা অমৰ আব্দুল্লাইও। বিগত ৩০ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে অমৰনাথ যাত্ৰাৰ বাবে এনেদৰে সাধাৰণ যাত্ৰীৰ বাবে ঘাইপথ বন্ধ কৰিব লগা বিষয়টোক লৈ সৰৱ হৈ পৰিছে আব্দুল্লা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in