পুনৰ বাতিল হ’ল অমৰনাথ যাত্ৰা…

পুনৰ বাতিল হ’ল অমৰনাথ যাত্ৰা…

ডিজিটেল ডেস্কঃ বাতিল কৰা হ'ল অমৰনাথ যাত্ৰা। কোৰোনাৰ সংক্ৰমণৰ বাবেই ধাৰাবিহিকভাৱে দ্বিতীয় বাৰৰ বাবে বাতিল কৰা হৈছে অমৰনাথ যাত্ৰা। জন্মু-কাশ্মীৰ চৰকাৰৰ লেফটেণ্ট গভৰ্ণৰ মনোজ সিনহাই ৰাজ্যখনৰ মুখ্য সচিব অৰুণ মেহতা, আৰক্ষী সঞ্চালক প্ৰধান আদিৰ সৈতে আলোচনতা লিপ্ত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখ্য যে অমৰনাথ যাত্ৰাৰ বাবে হিন্দু ধৰ্মীয় লোকসকলৰ মাজত পূৰ্বৰে পৰা আছে উতসুকতা। কিন্তু কোৰোনা মহামাৰীৰ বাবেই অমৰনাথ যাত্ৰা বাতিল কৰিবলগীয়া হৈছে এই অমৰনাথ যাত্ৰা। চিলত বৰ্ষত অমৰনাথ যাত্ৰাৰ অনুমতি প্ৰদান কৰা হবনে নাই সেই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ জন্মপ-কাশ্মীৰৰ গভৰ্ণৰ, মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানে শ্ৰী অমৰনাথ শ্ৰীণ ব'ৰ্ডৰ ওপৰত অৰ্পন কৰিছিল। ব'ৰ্ডে চৰকাৰৰ লগত আলোচনাত লিপ্ত হৈ দ্বিতীয়বাৰৰ বাবে অমৰনাথ যাত্ৰা বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰে।

সমুদ্ৰ পৃষ্ঠৰ পৰা ৩ হাজাৰ ৮৮৮ মিটাৰ উচ্চতাত অৱস্থিত অমৰনাথলৈ প্ৰতিবছৰে লাখ লাখ ভক্তৰ আগমণ ঘটে। কোৰোনাৰ বাবে বিগত বৰ্ষত ভক্তসকলে অমৰনাথ যাত্ৰা কৰিব পৰা নাছিল। কোৰোনাৰ পৰিস্থিতিৰ বাবেই বিগত বৰ্ষত বাতিল কৰা হৈছিল অমৰনাথ যাত্ৰা। চলিত বৰ্ষতো কোৰোনাৰ পৰিস্থিতি উন্নত নোহোৱাত পুনৰ বাতিল কৰিবলগীয়া হ'ল অমৰনাথ যাত্ৰা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in