আলফাৰ ধমকৰ পাছত ৰাজ্য প্রশাসনৰ নিৰাপত্তা বিচাৰিলে এপিপিএ লিমিটেডে…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ আমালগামেটেড প্লান্টেশ্যনছ প্ৰাইভেট লিমিটেড চমুকৈ এপিপিএলে এক প্ৰেছ বিবৃতিত উল্লেখ কৰিছে যে, অসমৰ প্ৰতি আমাৰ কোম্পানীটো দৃঢ়ভাৱে প্ৰতিশ্ৰুতিবদ্ধ। ইয়াত কাম কৰা অধিকাংশ কৰ্মচাৰী আৰু কোম্পানীটোৰ ১২০০০ শ্বেয়াৰ হ'ল্ডাৰ অসমৰ।

লগতে এই বিবৃতিত এপিপিএলে উল্লেখ কৰিছে যে, গুৱাহাটীস্থিত মুখ্য অপাৰেটিং অফিচটো মেৰামতি অব্যাহত ৰখাৰ লগতে অসমত প্ৰায় ২১টা চাহ বাগানত আৰু অপাৰেটিং ইউনিট আছে। এই ইউনিট বা টি ষ্টেটসমূহত আছে প্ৰায় ৫০ হাজাৰ কৰ্মচাৰী। কোম্পানীটোৱে হাটিগৰ আৰু লেটেকুজান টি ষ্টেট দুটাত চাহ প্ৰস্তুতকৰণ আৰু মিছাৰ সমীপত স্পাইচ প্ৰচেছিং চেন্টাৰত যথেষ্ট বিনিয়োগ কৰিছে।

বিনিয়োগ আৰু নিযুক্তিৰ উপৰিও কোম্পানীটোৱে বিগত ৫ বছৰ ধৰি ৰাজ্যত শিক্ষা, দক্ষতা বিকাশ, স্বাস্থ্য সেৱাৰ বাবে বিভিন্ন সমাজ কল্যাণমূলক পদক্ষেপ গ্ৰহণ কৰাৰ লগতে ২.৫ লাখ লোকৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাইছে বুলি জনাইছে এই বিবৃতিত।

ইফালে, প্ৰেছ বিবৃতিত কোম্পানীটোৱে লিখিছে- আমি দুখিত যে ৰাজ্যখনত আমাৰ এই প্ৰচেষ্টাক ভুলকৈ বুজি আৰু শেহতীয়াকৈ আমাৰ ওপৰত অভিযোগ উত্থাপন কৰা হৈছে। আমি অসমত কৰ্মচাৰীসকলৰ লগতে আগবঢ়োৱা সুবিধাসমূহ বাহাল ৰাখিবলৈ উপযুক্ত কৰ্তৃপক্ষই হস্তক্ষেপ কৰাৰ বাবে অনুৰোধ জনাইছো।

ৰাজ্যখনত আমাৰ প্ৰচেষ্টাৰ ভুল বুজাবুজিৰ ওপৰত আধাৰিত কৰি শেহতীয়া অভিযোগ আৰু সেইবোৰৰ টোনেলিটিৰ বাবে আমি দুখিত। আমি অসমত আমাৰ কৰ্মচাৰী আৰু সুবিধাসমূহৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ উপযুক্ত কৰ্তৃপক্ষৰ হস্তক্ষেপ আৰু নিৰাপত্তা বিচাৰিলে এপিপিএলে।

উল্লেখ্য যে, ৮ এপ্ৰিল, ২০২১ত আলফা স্বাধীনে আমালগামেটেড প্লান্টেশ্যনক তেওঁলোকৰ কাৰ্যালয়সমূহ অসমলৈ স্থানান্তৰ কৰিবলৈ আৰু কেৱল ৰাজ্যৰ খিলঞ্জীয়া শ্ৰমিকসকলক বিভিন্ন পদত নিযুক্তি দিবলৈ কৈছিল। আৰু যদি এনে কৰা নহয় তেন্তে আলফা স্বাধীনে অসমত কোম্পানীটোৰ ব্যৱসায় বন্ধ কৰিবলৈ তথা কোনো ব্যৱসায়িক স্বাৰ্থৰ উদ্দেশ্যে অসমত কোম্পানীটোৰ কৰ্মচাৰীক প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ'ব বুলি কৈছিল। তাৰপাছতে দেওবাৰে এনেদৰে প্ৰেছ বিবৃতিযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰে এপিপিএলে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in