শুকুৰবাৰে পল্টন বজাৰত নাপাব এএছটিচিৰ বাছ, সলনি হ’ব বাছ আস্থান…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ সন্ত্ৰাস বৃদ্ধি পোৱাৰ সময়তে অসম ৰাজ্যিক পৰিবহন নিগমে গ্ৰহণ কৰিছে এক বিশেষ ব্যৱস্থা। শুকুৰবাৰে পল্টন বজাৰত নাপাব সাধাৰণ যাত্ৰীৰ বাবে এএছটিচিৰ বাছ। তাৰ পৰিৱৰ্তে আন্তঃৰাজ্যিক বাছ আস্থান (আইএছবিটি)ৰ পৰা চলিব এএছটিচিৰ বাছসমূহ। এই কথা সদৰি কৰিছে এএছটিচি কৰ্তৃপক্ষই। অৱশ্যে ৰে'লত আহিবলগীয়া যাত্ৰীসকলৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা সাজু কৰা বাছসমূহ পল্টনবজাৰৰ এএছটিচিৰ বাছ আস্থানৰ পৰাই চলিব।

শুকুৰবাৰে বহিঃৰাজ্যৰ পৰা অসমলৈ আহিবলগীয়া ৰে'লৰ যাত্ৰীসকলৰ সুবিধা আৰু কোৰোনাৰ সংক্ৰমণ ৰোধৰ অংশস্বৰূপে এই সিদ্ধান্ত লোৱা হৈছে। উল্লেখ্য যে, শুকুৰবাৰে বহিঃৰাজ্যৰ পৰা অসমলৈ কেবাখনো ৰে'ল চলিব। এইসমূহ ৰে'লত অসমলৈ বহুলোক অহাৰ সম্ভাৱনা আছে। ৰে'লসমূহত অহা যাত্ৰীক কঢ়িয়াবলৈ ব্যৱহাৰ কৰা হ'ব বাছৰ লগতে আন বাহন।

বাহনৰ ভিৰ যাতে ষ্টেচনৰ চৌহদত নহয় বা থেলা-হেঁচাৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই অনুসৰি ৰে'লৰ যাত্ৰীৰ বাবে প্ৰশাসন বা যাত্ৰীসকলে নিজাকৈ সাজু কৰা বাছ বা আন বাহনসমূহ পল্টন বজাৰৰ এএছটিচিৰ বাছ আস্থানত ৰখা হ'ব। সদ্যসতে কেৱল ২২ মে', ২০২০ৰ বাবেহে এই ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in