অখিল গগৈৰ মুক্তিৰ দাবী, ‘কা’ৰ বিৰোধিতাৰে সমগ্ৰ ৰাজ্যত কৃষক মুক্তিৰ অনশন…

অখিল গগৈৰ মুক্তিৰ দাবী, ‘কা’ৰ বিৰোধিতাৰে সমগ্ৰ ৰাজ্যত কৃষক মুক্তিৰ অনশন…

ডিজেটেল ডেস্কঃ কৃষক নেতা অখিল গগৈৰ মুক্তি আৰু নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আহ্বান ক্ৰমে মঙলবাৰে পুৱাৰে পৰা বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন জিলাত ২৪ ঘন্টীয়া অনশন কাৰ্যসূচী পালন কৰা হয়। বৰাক উপত্যকা হাইলাকান্দি জিলাত বৃহৎ সংখ্যক প্ৰতিবাদকাৰী অনশনথলীৰ পৰাই আৰক্ষীয়ে আটক কৰি নি সন্ধিয়া মুকলি কৰি দিয়ে।

আনহাতে, ব্ৰহ্মপুত্ৰ উপত্যকাৰ গোলাঘাট,যোৰহাট, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, বৰপেটা, নগাঁও, তেজপুৰ, উত্তৰ গুৱাহাটী (কামৰূপ গ্ৰাম্য), দৰং, বিশ্বনাথ চাৰিআলি, মৰিগাঁও আদি জিলাতো এই প্ৰতিবাদী অনশন কাৰ্যসূচী বাতৰি লিখা সময়লৈকে অব্যাহত আছে। বিটিএডিৰ কোকৰাঝাৰ সদৰতো বিভিন্ন সংগঠনৰ সহযোগত এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয়।

কাৰ্যসূচী অনুসৰি ২৪ ঘন্টাৰ বাবে ৰূপায়ন কৰা অনশন কাৰ্যসূচীৰ অন্তত বুধবাৰে পুৱা মেজিৰ জুইত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিকী দাহ কাৰ্যসূচী ৰূপায়ন কৰা হ'ব। ইফালে, অগপ নেতা তথা পাটছাৰকুছি সমষ্টিৰ বিধায়ক কবিন্দ্ৰ ডেকাই ভোগালী বিহুৰ পুৱা মেজিৰ জুইত 'কা' বিৰোধী আন্দোলন তীব্ৰতৰ কৰি তোলাৰ সংকল্প লোৱাৰ বাবে অসমবাসী ৰাইজক মঙলবাৰে আহ্বান জনাইছে।

সদৌ অসম ছাত্ৰ সন্থাই শ্বহিদ ন্যাস ভৱনত আয়োজন কৰা এক সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই মঙলবাৰে অসমচুক্তি নস্যাৎ কৰি নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে বিদেশীৰ বোজা পুনৰ অসমক জাপি দি অসমীয়া জাতিৰ সত্বাক ধ্বংস কৰিব খোজা চৰকাৰৰ বিৰুদ্ধে তীব্ৰতৰ আন্দোলনৰ সংকল্পত সদৌ অসম ছাত্ৰ সন্থা তথা আছুৰ সহযোগী জাতীয়-জনগোষ্ঠীয় সংগঠন অটল থাকিব বুলিয়ে ঘোষণা কৰে।

তেওঁ সোমবাৰে বিধানসভাত দিয়া ভাষণৰ লগতে বিগত সময়চোৱাত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীয়ে নাগৰিকত্ব সংশোধনী আইন, অসমচুক্তিৰ ৬ নং দফা আৰু চুক্তিত সন্নিবিষ্ট বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ সন্দৰ্ভত বিভ্ৰান্তিকৰ মন্তব্যৰে অসমৰ ৰাইজক বিভ্ৰান্ত কৰিবলৈ অহৰহ প্ৰচেষ্টা হাস্যকৰ বুলি অভিহিত কৰি এয়া সম্পূৰ্ণৰূপে বিফল কৰিবলৈ অসমৰ জনসাধাৰণ জাগ্ৰত হৈ আছে বুলি মন্তব্য কৰে।

উক্ত বিষয় কেইটাৰ সন্দৰ্ভত মতামত দিয়াৰ পূৰ্বে অসমচুক্তিখন ভালদৰে অধ্যয়ন কৰিবলৈও তেওঁ মুখ্যমন্ত্ৰী তথা বিত্তমন্ত্ৰীক আহ্বান জনোৱাৰ লগতে কেন্দ্ৰৰ বিজেপি চৰকাৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ বক্তব্যৰ মাজতেই মতভেদ থকাতো হাস্যকৰ বুলি অভিহিত কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in