বিধানসভা নিৰ্বাচনঃ তথ্য আৰু জনসম্পৰ্ক সঞ্চালকে অথৰিটী লেটাৰ জাৰিৰ বাবে দিলে জাননী…

বিধানসভা নিৰ্বাচনঃ তথ্য আৰু জনসম্পৰ্ক সঞ্চালকে অথৰিটী লেটাৰ জাৰিৰ বাবে দিলে জাননী…

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ তথ্য আৰু জনসম্পৰ্ক সঞ্চালকে জাৰি কৰিছে এক বিশেষ জাননী। এই জাননীত সকলো সংবাদ গোষ্ঠীৰ মুখ্যমন্ত্ৰী তথা সম্পাদকক আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বিষয়াসকলৰ সৈতে অথৰিটী লেটাৰ জাৰি কৰাৰ বাবে স্বীকৃতিপ্ৰাপ্ত সাংবাদিকৰ তালিকা দাখিল কৰাৰ তালিকা প্ৰস্তুত কৰাৰ বাবে অনুৰোধ জনোৱা হৈছে।

এই জাননীত সকলো সংবাদ মাধ্যমৰ ব্যক্তিসকলৰ নাম দাখিল কৰাৰ বাবে জনোৱা হৈছে অনুৰোধ। জেপিইজি ফৰ্মেটত তিনি ক'পী পাছপৰ্ট ফটো, আইডি কাৰ্ড আদি janasanyogassam1Agmail.com ৱেবছাইটত ৪ মাৰ্চ, ২০২১ৰ দিনৰ ১১ বজাৰ ভিতৰত মেইল কৰি তথা ইয়াৰ হাৰ্ড কপীবোৰৰ জেৰক্স দিনৰ ১২ বজাৰ ভিতৰত জমা দিব লাগিব।

কিন্তু লক্ষণীয় কথা যে, এই সমূহ নথিপত্ৰ, ফটো জমা কৰাৰ বাবে অতি কম সময় দিয়া বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰা হৈছে। মাত্ৰ এদিনৰ সময়ৰ ভিতৰত কেনেদৰে এইবোৰ সম্ভৱ তথা এই কাৰ্যৰ বাবে অধিক সময়ৰ প্ৰয়োজন বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গুৱাহাটীস্থিত সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাৱে। কিয়নো বহু লোকৰ আইডি কাৰ্ডৰ ম্যাদ উকলি যোৱাৰ লগতে দিয়া হৈছে অতি কম সময়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in