কৈ থাকিলেও ওৰকে নপৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কথা…

কৈ থাকিলেও ওৰকে নপৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কথা…

ডিজিটেল ডেস্কঃ আকাশবাণী গুৱাহাটীৰ খবৰ কৈ থাকিলেও ওৰকে নপৰে। এসময়ত নমস্য ব্যক্তিসকলৰ কৰ্মস্থলী আকাশবাণী গুৱাহাটীৰ এনে কৰ্মকাণ্ডই চকু কপালত তুলিছে তেওঁলোকৰ।২৬ জুলাইত আকাশবাণী গুৱাহাটী যোগে সম্প্ৰচাৰ হোৱা দেওবৰীয়া চেমনীয়া চ'ৰা এক অনুস্থানক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আকাশবাণীতে পূৰ্বতে কৰ্মৰত এজন সচেতন ব্যক্তি।

অসম সাহিত্য সভাৰ সৈতে যৌথ উদ্যোগত আইতাৰ সাধু ৰেডিঅত শুনো শীৰ্ষক অনুষ্ঠানটোত এটা নিৰ্দিষ্ট সম্প্ৰদায়ক তুচ্ছ কৰা বুলি অভিযোগ তুলিছে তেওঁ। তেওঁ কয় আকাশবাণীত এনেবোৰ কথা-বতৰাৰ স্থান নাছিল। অনুষ্ঠানতকৈ অনুষ্ঠানৰ প্ৰযোজক কোন ইয়াৰহে বেছি প্ৰচাৰ চলে আকাশবাণী গুৱাহাটীত। ইফালে আকাশবাণী ভিতৰচ'ৰাত সংঘটিত আন কিছু কৰ্মকাণ্ডৰ খবৰেও চকু কপালত তুলিব।

কিছু দিনৰ পূৰ্বে এই আকাশবাণী গুৱাহাটীৰ পৰা বদলি কৰা হৈছিল এজন নিয়মীয়া বাতৰি পঢ়োতাক। এইগৰাকী বাতৰি পঢ়োতাৰ বিৰুদ্ধে আছে যথেষ্ট অভিযোগ। কেৱল বেয়াকৈ বাতৰি পঢ়াৰ বাবেই তেওঁক বদলি কৰা নাই। সহকৰ্মী মহিলাকে দুৰ্ব্যৱহাৰ কৰাৰ লিখিত অভিযোগ কৰ্তৃপক্ষৰ হাতত দাখিল কৰা হৈছে।

ইয়াৰ ওপৰিও আন বহু কেইটা অভিযোগত এই বাতৰি পঢ়োতা গৰাকীৰ বিৰুদ্ধে বিভাগীয় তদন্ত চলি আছে। এনেবোৰ কাৰণতে এইগৰাকী বাতৰি পঢ়োতাক ৰাজ্যৰ বাহিৰলৈ বদলি কৰা হৈছিল। আনকি বেংকৰ ঋণ লৈ ঋণ পৰিশোধ নকৰাৰ বাবেও আকাশ বাণীৰ নামত এই কৰ্মচাৰীজনৰ বিৰুদ্ধে জাননী প্ৰেৰণ কৰা হৈছিল। অসম গ্ৰামীণ বিকাশ বেংকৰ মুখ্য প্ৰবন্ধকে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ'ব বুলি প্ৰেৰণ কৰিছিল জাননী।

আকাশবাণীত জনপ্ৰিয়তা বৃদ্ধিৰ বাবে এই সময়ত যথেষ্ট কৰণীয় আছিল যদিও নিয়ম মাফিকভাৱে এফালৰ পৰা আকাশবাণী গুৱাহাটীৰ কিছু অনুষ্ঠানে শ্ৰোতাক আকৰ্ষণ কৰাৰ সলনি বিৰক্ত কৰা বুলিও আকাশবাণীৰে কৰ্মৰত এজন প্ৰাক্তন কৰ্মচাৰীয়ে সদৰি কৰিছে। নাম প্ৰকাশক অনিচ্ছুক এই ব্যক্তি গৰাকীৰ মতে পূৰ্বৰ দৰে আকাশবাণী অনুষ্ঠানৰ বাবে পৰিশ্ৰম কৰাৰ সলনি ইয়াক অকল চাকৰি হিচাপে গণ্য কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in