১০ নৱেম্বৰত সমগ্ৰ ৰাজ্যত টেট পৰীক্ষাঃ ৩,৪৮৫ প্ৰাৰ্থীৰ পৰীক্ষা লবলৈ সকলো প্ৰস্ততি সম্পূৰ্ণ মানকাচৰ জিলা প্ৰশাসনৰ…

১০ নৱেম্বৰত সমগ্ৰ ৰাজ্যত টেট পৰীক্ষাঃ ৩,৪৮৫ প্ৰাৰ্থীৰ পৰীক্ষা লবলৈ সকলো প্ৰস্ততি সম্পূৰ্ণ মানকাচৰ জিলা প্ৰশাসনৰ…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ ১০ নৱেম্বৰত ৰাজ্যজুৰি অনুষ্ঠিত হ'বলগা টেট পৰীক্ষাৰ বাবে ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনেও সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

উল্লেখযোগ্য যে জিলা খনত মুঠ ১০ টা পৰীক্ষা কেন্দ্ৰত এই টেট পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষা কেন্দ্ৰ কেইটা হ'ল- হাটশিঙিমাৰী মহাবিদ্যালয়, হাটশিঙিমাৰী কণিষ্ঠ মহাবিদ্যালয়, ৰেইনব ইংলিচ একাডেমি, নামনি অসম জাতীয় বিদ্যালয়, সাৰ্বজনীন জাতীয় বিদ্যালয়, খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ফাইভ ষ্টাৰ জাতীয় বিদ্যালয়, সোনাপুৰ হাই স্কুল, মানকাচৰ মহাবিদ্যালয় আৰু যতীন্দ্ৰ মহন (জে এম) উচ্চতৰ মাধ্যমিক বিদ্যালয়।

টেট পৰীক্ষাৰ প্ৰতিটো কেন্দ্ৰতে জিলা প্ৰশাসনে সংশ্লিষ্ট বিদ্যালয়-মহাবিদ্যালয়ত কৰ্তৃপক্ষৰ সহযোগত সকলো যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে। অন্যহাতে পৰীক্ষাৰ দিনা পৰীক্ষা কেন্দ্ৰ সমূহত ১৪৪ ধাৰা জাৰি কৰাৰ বাবে কেন্দ্ৰৰ পৰা ৫০ মিটাৰ নিলগত ৩ জনতকৈ অধিক লোকৰ সমবেত হব নোৱাৰিব । আনহাতে জিলা প্ৰশাসনে দিয়া নিৰ্দেশনা অনুসৰি পৰীক্ষাৰ্থী সকলে পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল, কেলকুলেটৰ, বৈদ্যুতিক সামগ্ৰী, কাগজ, ঘড়ী, কিতাপ, মানি বেগ আদিকে ধৰি কোনো ধৰণৰ সামগ্ৰী নিব নোৱাৰিব।

পৰীক্ষাৰ্থী সকলে পৰীক্ষা হ'লৰ ভিতৰলৈ যাওঁতে নিজৰ এডমিট কাৰ্ড, নীলা বা ক'লা ৰঙৰ চিয়াঁহীৰ কলম আৰু ফটো পৰিচয় পত্ৰ হিচাপে আধাৰ কাৰ্ড, বেংক পাছবুক, পান কাৰ্ড বা ভোটাৰ কাৰ্ড নিয়াটো বাধ্যতামূলক। তদুপৰি পুৱাৰ ভাগৰ পৰীক্ষাৰ্থীয়ে ৮ বজাত আৰু বিয়লি বেলাৰ পৰীক্ষাৰ্থীয়ে ১২ বজাৰ ভিতৰত পৰীক্ষা হ'লত প্ৰৱেশ কৰিব লাগিব ।

জিলাখনৰ পৰা অকল নিম্ন প্ৰাথমিক পৰীক্ষাৰ বাবে মুঠ ৮৩৮ গৰাকী প্ৰাৰ্থী আৰু অকল উচ্চ প্ৰাথমিক পৰীক্ষাৰ বাবে ১২৮ জন প্ৰাৰ্থীৰ লগতে উভয় পৰীক্ষাত ২৫১৯ গৰাকী প্ৰাৰ্থী সহ মুঠ ৩৪৮৫ গৰাকী প্ৰাৰ্থীয়ে টেট পৰীক্ষাত অৱতীৰ্ণ হব । ইয়াৰে খাৰুৱাবান্ধা জনতা উচ্চৰত মাধ্যমিক বিদ্যালয়ত নিম্ন আৰু উচ্চ প্ৰাথমিক পৰ্য্যায়ত ৩৬০ গৰাকী, সোনাপুৰ হাই স্কুলত ২৫২ গৰাকী, হাটশিঙিমাৰী কনিষ্ঠ্য মহাবিদ্যালয়ত ৪০৮ গৰাকী, হাটশিঙিমাৰী মহাবিদ্যালয়ত ৬০০ গৰাকী, ফাইভ ষ্টাৰ জাতীয় বিদ্যালয়ত ৪০৮ গৰাকী, ৰেইনব ইংলিচ একাডেমিত ৩০০ গৰাকী প্ৰাৰ্থীয়ে উভয় পৰ্য্যায়ৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ লগতে সাৰ্বজনীন জাতীয় বিদ্যালয়ত উভয় পৰ্যায়ৰ পৰীক্ষাত ১৯১ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হোৱাৰ লগতে ৬১ গৰৱকী নিম্ন আৰু ৬১ গৰাকী উচ্চ প্ৰাথমিক পৰ্যায়ৰ লগতে নামনি অসম জাতীয় বিদ্যালয়ত নিম্ন প্রাথমিকক ২০৪ গৰাকী আৰু উচ্চ প্ৰাথমিকত ৬৭ গৰাকীকৈ প্ৰাৰ্থী পৃথক পৃথক ভাবে অৱতীৰ্ণ হব। আনহাতে মানকাচৰ থানা এলেকাৰ অধীনত থকা মানকাচৰ মহাবিদ্যালয়ত ৩২১ গৰাকী আৰু যতীন্দ্ৰ মহন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ২৫২ গৰাকী প্ৰাৰ্থী কেৱল নিম্ন প্ৰাথমিক পৰীক্ষাত অৱতীৰ্ণ হব বুলি জিলা প্ৰশাসনৰ পৰা জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in