সদৌ অসম মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ যোগ্য চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ প্ৰাদেশিকীকৰণৰ বাবে আবেদন

সদৌ অসম মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ যোগ্য চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ প্ৰাদেশিকীকৰণৰ বাবে আবেদন


ডিজিটেল সংবাদ বটদ্ৰৱাঃ সদৌ অসম মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ যোগ্য চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাই বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ১৫ আগষ্টৰ পূৰ্বে পদ প্ৰাদেশিকীকৰণৰ অনুমোদন দিয়াৰ বাবে আবেদন জনায়। নতুনকৈ প্ৰাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয়সমূহত শিক্ষকসকলৰ সমান্তৰালকৈ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলেও বিগত ২৫-৩০ বছৰ ধৰি সেৱা আগবঢ়াই আহিছে।

কিন্ত পৰিতাপৰ বিষয় যে, উক্ত বিদ্যালয়সমূহৰ শিক্ষক সকলে নিযুক্তি লাভ কৰি দৰমহা লাভ কৰিছে যদিও ইয়াৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলে এটিয়াও নিযুক্তি লাভ কৰা নাই। ৰাজ্যৰ ২১০৭ গৰাকী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ যোগ্য চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলৰ হৈ যোৱা ২১ জুলাইত মুখ্যমন্ত্ৰীক বটদ্ৰৱা থান দৰ্শনৰ পাছত সদৌ অসম মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ যোগ্য চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক মহিদুল কবিৰ, সদস্য ক্ৰমে যতীন নাথ, ইক্ৰামুল হক, দিনেশ পাটৰে মুুখ্যমন্ত্ৰীৰ হাতত আবেদন দাখিল কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in