শীঘ্ৰে কোচ উন্নয়ন পৰিষদ গঠনৰ দাবী সদৌ অসম কোচ ছাত্ৰ সন্থাৰ…

শীঘ্ৰে কোচ উন্নয়ন পৰিষদ গঠনৰ দাবী সদৌ অসম কোচ ছাত্ৰ সন্থাৰ…

ডিজিটেল সংবাদ, হৰিশিঙা: শনিবাৰে ওদালগুৰিত এক সংবাদমেল যোগে সদৌ অসম কোচ ছাত্ৰ সন্থাই অসমত কোচ উন্নয়ন পৰিষদ গঠনৰ দাবী তোলে। কোচ সকলৰ ভাষা-সংস্কৃতি সংকটত বুলি উল্লেখ কৰি বিটিচিৰ বড়োসকলক যেনেকে জাতি ৰক্ষাৰ স্বাৰ্থত বিটিআৰ গঠন কৰিলে সেইদৰে কোচসকলৰ স্বাৰ্থত কোচ উন্নয়ন পৰিষদ গঠন কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনালে কোচ ছাত্ৰ সন্থাৰ সভাপতি মনোৰঞ্জন কোচে । অন্যথা সমগ্ৰ অসমতে আন্দোলনৰ হুংকাৰ দিয়ে কোচ ছাত্ৰ সন্থাই ।

আনহাতে, কোচ আৰু ৰাজবংশী পৃথক পৃথক জাতি বুলি উল্লেখ কৰে সভাপতি গৰাকীয়ে । অসমত কোচ সকল ভূমিপু্ত্ৰ, সেই গতিকে অতি শীঘ্ৰে কোচ উন্নয়ন পৰিষদ গঠন কৰি কোচসকলৰ জাতি ৰক্ষা কৰিব লাগে বুলি উল্লেখ কৰে। তদুপৰি বি.টি.আৰ গঠনক লৈ বড়োসকলক আদৰনি জনাই কোচ ছাত্ৰ সন্থাই। লগতে উল্লেখ কৰে যে বড়োসকলৰ অধিকাৰ এই বিটিআৰ । এই বিটিআৰ পূৰ্ণ সমৰ্থন কৰে কোচ ছাত্ৰ সন্থাই। শনিবাৰৰ এই সংবাদমেলখনত উপস্থিত আছিল সদৌ অসম কোচ ছাত্ৰ সন্থাৰ সভাপতি মনোৰঞ্জন কোচ, সম্পাদক নৱজ্যোতি কোচৰ লগতে জিলা পৰ্যায়ৰ বিষয়ববীয়াসকল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in