সদৌ অসম কবি সন্মিলনৰ বঁটা ঘোষণা, বিশিষ্ট কবি বিৰিঞ্চি ৰাভালৈ ৰাম গগৈ বঁটা, সাহিত্য সমালোচক অৰিন্দম বৰকটকীলৈ বেণু চিৰিং সোঁৱৰণি বঁটা

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, ৰহাঃ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ কাব্য সংগঠন সদৌ অসম কবি সন্মিলনে বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো অসমৰ ন-পুৰণি কবিসকলক উৎসাহিত কৰাৰ মানসেৰে কবি সন্মিলনৰ প্ৰাণ প্ৰতিষ্ঠাতা 'পথাৰ' কবি ৰাম গগৈ, কাব্যপ্ৰাণ চুজাউদ্দিন আহমদ, কবি অৱনী চক্ৰৱৰ্তী, কবি বেণু চিৰিং, সমাজকৰ্মী ইন্দ্ৰেশ্বৰ মিলি, কাব্যশ্ৰী হাজৰিকা, জনাৰ্দন শইকীয়া আৰু জয়মতী শইকীয়া, মলাৰাম নাথ আৰু অমূল্য শইকীয়া, সম্প্ৰীতি(টুকটুক) শইকীয়া আৰু আলহাজ চৈয়দ আমান উল্লাহৰ সোঁৱৰণত এলানি বঁটা প্ৰদানৰ ব্যৱস্থা কৰিছে। অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ ধৰ্ম-ভাষা-বৰ্ণ, সম্প্ৰীতিৰ মিলনভূমি শোণিতপুৰ জিলাৰ তেজপুৰত অহা ২৯, ৩০ ছেপ্তেম্বৰ আৰু ১, ২, ৩ অক্টোবৰ, ২০১৯ তাৰিখে তিনিটা দশক অতিক্ৰম কৰা সদৌ অসম কবি সন্মিলনৰ পঞ্চদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ তেজপুৰ অধিৱেশনৰ মুকলি সভাত এই বঁটা সমূহ প্ৰদান কৰা হ'ব।

অসমৰ কেইবাগৰাকীও বিশিষ্ট কবি-সাহিত্যিক-সমালোচকৰে গঠিত এক উচ্চস্তৰীয় বাচনি সমিতিয়ে ঘোষণা কৰা অনুসৰি ২০১৭-১৯ বৰ্ষত প্ৰকাশিত কাব্য গ্ৰন্থৰ ভিত্তিত বিশিষ্ট কবি বিৰিঞ্চি ৰাভাক 'না লি গুং গ্লে' শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে ৰাম গগৈ বঁটা, ২০১৭-১৯ বৰ্ষত চল্লিশ বৰ্ষৰ অনুৰ্ধ কবিৰ প্ৰকাশিত কাব্যগ্ৰন্থৰ ভিত্তিত যুৱ কবি দেৱৰাজ মিলিক 'আঙুলি' শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে কাব্যপ্ৰাণ চুজাউদ্দিন আহমদ বঁটা, ত্ৰিশ বছৰ অনুৰ্ধ কবিৰ পঁচিশটা প্ৰগতিশীল কবিতাৰ পাণ্ডুলিপিৰ ভিত্তিত জোনাক প্ৰিয়ম কাশ্যপক 'সমিধানৰ বাট বিচাৰি" শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে অৱনী চক্ৰৱৰ্তী বঁটা, ২০১৭-১৯ বৰ্ষত প্ৰকাশিত সাহিত্য সমালোচনাত্মক গ্ৰন্থৰ ভিত্তিত বিশিষ্ট সাহিত্য সমালোচক অৰিন্দম বৰকটকীক "অনুবন্ধ" শীৰ্ষক গ্ৰন্থৰ বাবে 'বেণু চিৰিং বঁটা', বিশ বছৰ অনুৰ্ধ কবিৰ দহটা 'সন্ত্ৰাসবাদ বিৰোধী কবিতাৰ পাণ্ডুলিপি'ৰ ভিত্তিত জোনাক প্ৰিয়ম কাশ্যপক "সমিধানৰ বাট বিচাৰি" শীৰ্ষক পাণ্ডুলিপিৰ বাবে উদগনি মূলকভাৱে সমাজকৰ্মী ইন্দ্ৰেশ্বৰ মিলি বঁটা আৰু পঁচিশ বছৰ অনুৰ্দ্ধ কবিৰ ২০১৭-১৯ বৰ্ষত প্ৰকাশিত কাব্যগ্ৰন্থৰ ভিত্তিত জাবিৰ হুছেইনক 'বেলিফুল' শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে উদগনিমূলকভাৱে কাব্যশ্ৰী হাজৰিকা বঁটা প্ৰদান কৰা হ'ব।

ইয়াৰোপৰি বিশিষ্ট কবি দিলীপ ফুকনক জনাৰ্দন শইকীয়া আৰু জয়মতী শইকীয়াৰ সোঁৱৰণত বছৰটোৰ শ্ৰেষ্ঠ কবি সন্মান, চল্লিশ বছৰ অনুৰ্ধ কবিৰ মাজৰ পৰা যুৱ কবি সমীৰ শংকৰ দত্তক সম্প্ৰীতি(টুকটুক) শইকীয়াৰ সোঁৱৰণত বছৰটোৰ শ্ৰেষ্ঠ যুৱ কবিৰ সন্মান, কবি আৰু কবিতা সম্পৰ্কীয় বিষয়ক গৱেষণা কৰি থকাৰ ভিত্তিত গীতিমণি হাটীমুৰীয়াক মলাৰাম নাথ আৰু অমূল্য শইকীয়াৰ সোঁৱৰণত এককালীন আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব। বঁটাপ্ৰাপক সকলক বঁটাৰ লগতে স্মাৰক, অংগবস্ত্ৰ , মানপত্ৰ আৰু নগদ ধন প্ৰদান কৰা হ'ব বুলি প্ৰচাৰ সম্পাদকদ্বয় মদাৰজ্যোতি আৰু অচ্যুত কুমাৰ বৰাই এক প্যেছ বিজ্ঞপ্তি যোগে জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in