ৰঙালী বিহুৰ বন্ধৰ দিন বাহাল ৰাখিবলৈ কেন্দ্ৰীয় অৰ্ধ কেন্দ্ৰীয় কৰ্মচাৰী পৰিষদৰ আৱেদনৰ পাছতে ১৫ এপ্ৰিলত বন্ধ ঘোষণা…

ৰঙালী বিহুৰ বন্ধৰ দিন বাহাল ৰাখিবলৈ কেন্দ্ৰীয় অৰ্ধ কেন্দ্ৰীয় কৰ্মচাৰী পৰিষদৰ আৱেদনৰ পাছতে ১৫ এপ্ৰিলত বন্ধ ঘোষণা…

ডিজিটেল ডেস্কঃ অসমৰ জাতীয় উৎসৱ ৰঙালী বিহু অৰ্থাৎ ১৫ এপ্ৰিল তাৰিখটো কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় অৰ্ধকেন্দ্ৰীয় কৰ্মচাৰীসকলৰ বাবে বন্ধৰ দিন হিচাপে। বন্ধ তালিকাত সন্নিবিষ্ট কৰিছিল যদিও হঠাৎ এই বন্ধৰ দিনটো দুৰ্গাপূজাৰ বন্ধ দিনলৈ ৰূপান্তৰিত কৰাত সদৌ অসম কেন্দ্ৰীয় অৰ্ধকেন্দ্ৰীয় কৰ্মচাৰীয়ে তীব্ৰ প্ৰতিবাদ জনাইছে।

এক প্ৰেছ বিবৃতিত পৰিষদৰ সাধাৰণ সম্পাদক মাধৱ কুমাৰ হাজৰিকাই কয় যে, কেন্দ্ৰীয় চৰকাৰে বহাগ বিহুৰ দিনটো বন্ধৰ দিন হিচাপে ঘোষণা কৰিছিল যদিও অসম বিৰোধী এচাম লোক-সংগঠনৰ ষড়যন্ত্ৰত ভৰি দি কেন্দ্ৰীয় চৰকাৰে দুৰ্গা পূজাৰ বন্ধৰ দিনলৈ বিহুৰ বন্ধৰ দিনটো ৰূপান্তৰিত কৰিছে বুলি প্ৰেছ বিবৃতিত সদৌ অসম কেন্দ্ৰীয় অৰ্ধ কেন্দ্ৰীয় কৰ্মচাৰী পৰিষদে কয়।

লগতে এই কৰ্মচাৰী পৰিষদে পূৰ্বৰ ঘোষণা বাহাল ৰাখিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ ই-মেইল যোগে পত্ৰ প্ৰেৰণ কৰিছে। অসম চৰকাৰৰ লগতে অসমৰ জাতীয় সংগঠন সমুহকো কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনাবলৈ পৰিষদে আহ্বান জনাইছে। ইতিমধ্যে পৰিষদে বৈদ্যুতিন প্ৰচাৰ মাধ্যমৰ জৰিয়তে এই বিষয়টোৰ ওপৰত স্থিতি প্ৰকাশ কৰিছে।

ইফালে, সদৌ অসম কেন্দ্ৰীয় অৰ্ধ কেন্দ্ৰীয় কৰ্মচাৰী পৰিষদৰ প্ৰতিবাদৰ পাছত ১৫ এপ্ৰিল, ২০২১ৰ দিনটোত বিহুৰ বন্ধ হিচাবে ঘোষণা কৰা হৈছে। অসমস্থিত কেন্দ্ৰীয় চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ বাবে এই বন্ধ ঘোষণা কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in