৫ মিনিটত ৩০০কোটি মাৰ্কিন ডলাৰ ব্যৱসায় কৰা কোম্পানীত কেনেকৈ দিয়া হয় নিযুক্তি!

৫ মিনিটত ৩০০কোটি মাৰ্কিন ডলাৰ ব্যৱসায় কৰা কোম্পানীত কেনেকৈ দিয়া হয় নিযুক্তি!

ডিজিটেল ডেস্কঃ চীনৰ অনলাইন ব্যৱসায় ক্ষেত্ৰৰ দিগ্বজ জেক মাই বুধবাৰে কয় যে- 'পৃথিৱীত কোনো এজন বিশেষজ্ঞ নাই যিয়ে অহা কালি লৈ তেওঁৰ লগত কি হ'ব জানে। কিন্তু তেওঁলোকে এইটো জানে যে যোৱা কালি কি হৈছিল।' বিশ্ব আৰ্থিক মঞ্চক (ডব্লিউ এ এফ)ৰ বাৰ্ষিক বৈঠকত আলিবাবাৰ কাৰ্যকৰী অধ্যক্ষগৰাকীয়ে উদ্যোগ ক্ষেত্ৰৰ নেতাসকলক আহ্বান জনায় কয়, তেওঁলোকে কোনো লোকে দিয়া হেঁচাৰ কথা চিন্তা কৰাৰ প্ৰয়োজন নাই। তেওঁ কয়- যদি আপুনি এই হেঁচাক লৈ চিন্তিত হয়, তেন্তে আপুনি উদ্যোগিক ক্ষেত্ৰখনলৈ যাব নালাগে। আজিৰ সময়ত আটাইতকৈ ভাল কথাটো হ'ল, সকলো লোকেই সকলো বস্তু বা বিষয়ক লৈ চিন্তিত।

'আলিবাবা'ই যোৱা ২০ বছৰে পৰ্যায় ক্ৰমে আগবাঢ়ি গৈ আছে, কিন্তু কোম্পানীটো আগবঢ়াই নি থকা সময়ত কোনো ধৰণৰ শংকা বা সন্দেহৰ সৃষ্টি হৈছিল নেকি বুলি জেক মাক সাংবাদিকে কৰা প্ৰশ্নত, মাই উত্তৰ দিয়ে- আহিবলগীয়া সময়ৰ কোনো বিশেষজ্ঞ নাথাকে বা নাই। কিন্তু পাৰ হৈ যোৱা সময় অৰ্থাৎ অতীতৰ বিশেষজ্ঞ আছে।

ইফালে, সাংবাদিকে জেক মাক প্ৰশ্ন কৰে যে- আপোনাৰ কোম্পানী কি ধৰণৰ লোকক নিযুক্তি দিয়া হয়? এই প্ৰশ্নৰ উত্তৰত জেক মাকে কয়- 'যেতিয়া কোনো লোকক নিযুক্তি দিওঁ, তেতিয়া এইটোৱে চাওঁ যে তেওঁ মোতকৈও অধিক বুদ্ধিমত্তা সম্পন্ন হয় নে নহয়। আৰু চাওঁ যে তেওঁলোকে আগন্তুক ৪-৫ বছৰত মোৰ মালিক অৰ্থাৎ ব'ছ হোৱাৰ যোগ্য হৈ উঠে নে নাই। মই এনে লোকক পচন্দ কৰো, যিসকলে কেতিয়াও জীৱনত হাৰ নামানে।'

উল্লেখ্য যে, চীনৰ অনলাইন ব্যৱসায় সংস্থা 'আলিবাবা'ই ১১ নবেম্বৰ, ২০১৮ত ৫ মিনিটৰ ভিতৰত ৩০০ কোটি মাৰ্কিন ডলাৰ মূল্যৰ সামগ্ৰী বিক্ৰী কৰি অভিলেখ গঢ়িছিল। সংস্থাটোৱে দাবী কৰা মতে, ইয়াৰ পূৰ্বে বিশ্বৰ কোনো ব্যৱসায়ী সংস্থাই কম সময়ৰ ভিতৰত ইমান বিক্ৰীৰ অভিলেখ গঢ়িব পৰা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in