পোহৰলৈ আহিল জেক মা, ক’ত আছিল তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা আলীবাবা প্ৰধান…

পোহৰলৈ আহিল জেক মা, ক’ত আছিল তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা আলীবাবা প্ৰধান…

ডিজিটেল ডেস্কঃ চীনৰ বিখ্যাত আলীবাবা কোম্পানীৰ প্ৰতিষ্ঠাপক জেক মা বিগত তিনি মাহ ধৰি নিৰুদ্দেশ হৈ থকাৰ পিছত বুধবাৰে পুণৰ তেওঁৰ খবৰ পোহৰলৈ আহিছে। তেওঁক এক ভিডিঅ' কনফাৰেন্সৰ ভাগ লোৱা দেখিবলৈ পোৱা গৈছে।

পৃথিৱীৰ জুৰি তেওঁ নিৰুদ্দেশ সম্পৰ্কত সকলো আচৰিত হৈ থকাৰ মাজতে চীনৰ এক ৰাষ্ট্ৰীয় মাধ্যমত প্ৰচাৰ কৰিছে তেওঁৰ এটা ভিডিঅ'। ভিডিঅ'টোত তেওঁ যেতিয়া কোৰোনা ভাইৰাছ শেষ হ'ব তেওঁ পুনৰ লগ পাব বুলি মন্তব্য কৰিছে।

চীনৰ জনপ্ৰিয় জেক মায়ে বুধবাৰ এখন বাৰ্ষিক অধিৱেশনত গ্ৰাম্য শিক্ষকক এই ভিডিঅ' কনফাৰেঞ্চযোগে সম্বোধন কৰে। বৰ্তমানলৈ এইটো সঠিককৈ জানিব পৰা হোৱা নাই তেওঁ দৰাচলতে ক'ত আছিল। ইফালে আলীবাবাৰ প্ৰধান গৰাকী নিৰুদ্দেশ হৈ আছে বুলি খবৰ প্ৰকাশৰ পিছত বুধবাৰে তেওঁক ভিডিঅ'যোগে দেখা পিছতে বৰ্তমানে ৬ শতাংশলৈ বৃদ্ধি পাইছে আলীবাবাৰ চেয়াৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in