আলি আয়ে লৃগাঙত মাজুলীত উখল মাখল পৰিৱেশ

আলি আয়ে লৃগাঙত মাজুলীত উখল মাখল পৰিৱেশ

ডিজিটেল সংবাদ, মাজুলীঃ আজি আলি আয়ে লৃগাং। ফাগুন অহাৰ লগে লগে মিচিং জনগোষ্ঠীসকলৰ কৃষিভিত্তিক জাতীয় উৎসৱ আলি আয়ে লৃগাং আজিৰ পৰা আৰম্ভ। ফাগুনৰ আগমত উৰুঙা মন আৰু পথাৰত যেন এতিয়া আপোন পাহৰা কৃষক ৰাইজ। মিচিং জনজাতীয় লোকসকলে ফাগুনৰ প্ৰথমটো বুধবাৰৰ পৰা উদযাপনৰ কৰে হেঁপাহৰ এই আলি আয়ে লৃগাং।

আলি আয়ে লৃগাঙক লৈ মাজুলীত মিচিং জনগোষ্ঠীয় লোকসকলৰ মাজত এতিয়া উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। মাজুলীৰ কনেংহঁত ব্যস্ত ৰিবি গাছেং, মিবু গালুক, গণৰ উগণ, টঙালি, দোমেৰ আদি বনোৱাত।

আপোনজন আৰু জ্যেষ্ঠজনক পৰম্পৰাগত কাপোৰেৰে সম্ভাষণ জনোৱাতো এই উৎসৱৰ পৰম্পৰা। মাজুলীৰ মিচিং সকলে এতিয়া পৰম্পৰাগত আপং তৈয়াৰ কৰাতো ব‍্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। মিচিং যুৱক সকল ব‍্যস্ত হৈ পৰিছে পুৰাং সিজোৱা, মাছ মৰাটো ব‍্যস্ত মিচিং যুৱক সকল।

ইফালে মধ্য মাজুলীৰ তামোলনী, বোকাবিল, শিলিখা গুৰি, ধাপাক, জাৰণি সোণোৱাল আদি অঞ্চলত আৰু উজনি মাজুলীৰ শিমলুগুৰি কাৰপুনকুলি, ৰতনপুৰ মিৰি, জেংৰাইমুখ, মোৱামাৰি, চটাইপুৰকে ধৰি সমগ্ৰ মাজুলীৰ বিভিন্ন স্থানত এই উৎসৱ তিনি দিনিয়া কৈ উদযাপনৰ দিহা কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in