জাপৰিগোগত উলহ-মালহেৰে আলি আ:য়ে লৃগাং উদযাপন…

জাপৰিগোগত উলহ-মালহেৰে আলি আ:য়ে লৃগাং উদযাপন…

ডিজিটেল ডেস্ক : গুৱাহাটী মহানগৰীতো উলহ মালহেৰে আলি আ:য়ে লৃগাং ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে উদযাপন কৰা হয় । জাপৰিগোগৰ কৃষ্ণ নগৰত উদযাপন কৰা আলি আ:য়ে লৃগাঙত যথেষ্ঠ সংখ্যক লোক সমবেত হয় । তাকাম গুৱাহাটী মিচিং তেবাঙৰ উদ্যোগত আয়োজন কৰা এই উৎসৱত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুকে ধৰি ভালে সংখ্যক বিশিষ্ট লোক উপস্থিত আছিল ।

উল্লেখযোগ্য যে প্ৰতিবছৰৰ ফাগুন মাহৰ প্ৰথমটো বুধবাৰত মিচিং জনগোষ্ঠীৰ লোক সকলে আলি আ:য়ে লৃগাং উদযাপন কৰে । এই উৎসৱক কঠিয়া সিচা শুভাৰম্ভ বুলিও কোৱা হয় । মাচিং ভাষাত আলি মানে শস্য বা বীজ আ:য়ে মানে ফল আৰু লৃগাং মানে শস্য সিচাৰ প্ৰথম দিন ।

এই উতসৱত মিচিং ডেকা গাভৰু তথা বৃদ্ধ বৃদ্ধা সকলেও লগ হৈ সমূহীয়া ভোজ ভাত থাই নৃত্য গীত কৰে। জাপৰিগোগতো আয়োজন কৰা আলি আ:য়ে লৃগাংত গাহৰি,মাটি দাইল, চাই মদ আদিৰে অভ্যাগত সকলক অপ্যায়ন কৰা হয় ।

আলি আ:য়ে লৃগাঙৰ সৈতে বহু বিশ্বাস আৰু পৰম্পৰা জড়িত হৈ আছে । গৃহস্থই ধানৰ থোপ ঘিলাৰ চেইনৰ দৰে দীঘল আৰু শীলৰ দৰে গধুৰ হোৱাৰ কামনাৰে শস্য সিচিবলৈ যাওতে লগত ঘিলা আৰু শিলগুটি লৈ যায় । শস্য সিচাৰ পাছত কেইবাদিনলৈ তেওঁলোকে মাটি নাখান্দে আৰু বাহ,বেত,খেৰ আদি নাকাটে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in