বৃদ্ধিঃ হোজাইৰ ৬জন আৰু ধুবুৰীৰ এজন লোকৰ দেহত কোৰোনাৰ অৱস্থিতি…

বৃদ্ধিঃ হোজাইৰ ৬জন আৰু ধুবুৰীৰ এজন লোকৰ দেহত কোৰোনাৰ অৱস্থিতি…

ডিজিটেল ডেস্কঃ অসমত পুনৰ বৃদ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। শনিবাৰে পুৱা ১১ বজাত স্বাস্থ্যমন্ত্ৰীয়ে সদৰি কৰে যে, সৰুসজাই কোৱাৰেন্টাইন চেন্টাৰত থকা ৭গৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯।

তেওঁ সদৰি কৰা মতে, শনিবাৰে আক্ৰান্ত হোৱা ৭গৰাকী ভিতৰত ৬গৰাকী হোজাইৰ আৰু ১গৰাকী ধুবুৰীৰ। উল্লেখ্য যে, ৰাজ্যত সৰ্বমুঠ কোৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছেগৈ ২৬৬। ইয়াৰে ৪গৰাকী মৃত্যু হোৱাৰ লগতে আৰোগ্য লাভ কৰিছে ৫৪গৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in