ডিজিটেল ডেস্কঃ মদ খোৱাৰ পাছত বহু মানুহে ইংৰাজীতে কথা কয়। তেনে মানুহক বহুতে মদ খালেই ইংৰাজী ওলাই বুলি ঠাট্টা-ইতিকিঙো কৰা হয়। কিন্তু শেহতীয়াকৈ এক বৈজ্ঞানিক পৰীক্ষাত পোহৰলৈ আহিছে যে, মদ্যপান কৰাৰ পাছত ইংৰাজীৰ লগতে যিকোনো বিদেশী ভাষা শিকা আৰু উচ্চাৰণ কৰা সহজ হৈ পৰে।
চাইক'ফাৰ্মাকল'জী নামৰ স্বাস্থ্য বিষয়ক বাতৰি কাকত চপা হোৱা এক বাতৰি অনুসৰি, মদ্যপান কৰাৰ পাছত বিশ্বৰ সকলো বিদেশী ভাষা যিকোনো এজন মানুহে সহজে উচ্চাৰণ বা শিকিব পাৰে। এজন লোকৰ মন-মগজুত যিকোনো এটা ভাষা কবৰ বাবে যি বাধাৰ সৃষ্টি হয়, তাক এগিলাচ বিয়েৰ অথবা এগিলাচ ৱাইনে নাইকিয়া কৰে।
বিট্ৰিছ এদল বৈজ্ঞানিকে কৰা এই সমীক্ষাত প্ৰকাশ পাইছে যে, কোনো এটা কাম শিকি নতুনকৈ কৰিবলৈ সাধাৰণতে মানুহৰ যি লাজ ভাৱৰ সৃষ্টি হয়, তাকে মদ্যপানে শেষ কৰে। তদুপৰি, নিজৰ স্থানীয় ভাষাক বাদ দি বহুতে অন্য ভাষা অথবা ইংৰাজী নোকোৱাৰ প্ৰধান কাৰন হল লাজ।
উল্লেখ্য যে, নেদাৰলেণ্ডৰ Maastricht Universityৰ বিজ্ঞানী সকলে, এই পৰীক্ষাৰ বাবে লৈছিল ৫০ গৰাকী লোকক। এই ৫০ গৰাকী লোকে জাৰ্মানী ভাষা ব্যৱহাৰ কৰিছিল আৰু তেওঁলোকে শিকিব বিচাৰিছিল ডছ ভাষা। ভাষা শিকোৱাৰ সময়খিনিত ৫০ গৰাকীৰ ভিতৰত ২৫ গৰাকীক পানী আৰু ২৫ গৰাকী এগিলাচকৈ মদ খাবলৈ দিয়া হ'ল।
কিন্তু শেষত দেখা গ'ল যে, মদ খাবলৈ দিয়া ২৫ গৰাকী শিৰ্ক্ষাৰ্থীয়ে আন ২৫ গৰাকীতকৈ কম সময়ত আয়ত্ত কৰিছিল ডছ ভাষা। বিজ্ঞানী সকলে লগতে স্পষ্ট কৰি দিছে যে, জোখতকৈ অধিক মদ্যপান মানুহৰ দেহৰ বাবে ক্ষতিকাৰক। ইফালে এনেধৰণৰ পৰীক্ষাক বহুতে কটাক্ষও কৰিছে।